ETV Bharat / bharat

MP Election 2023 : মধ্য প্ৰদেশত বিজেপিৰ সংকল্প পত্ৰ মুকলি - BJP manifesto in MP

সৰিয়হৰ তেল বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতি বিজেপিৰ । দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়া শিক্ষা প্ৰদান কৰা হ'ব আৰু প্ৰতিখন জিলাতে আইআইটি স্থাপন কৰাৰো প্ৰতিশ্ৰুতি বিজেপিৰ । মধ্য প্ৰদেশত বিজেপিৰ সংকল্প পত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ।

MP Election 2023
মধ্য প্ৰদেশত বিজেপিৰ সংকল্প পত্ৰ মুকলি
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 4:47 PM IST

নেশ্যনেল ডেস্ক,১১ নৱেম্বৰ : নিৰ্বাচনমুখী মধ্য প্ৰদেশত প্ৰতিটো দলে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । শাসকীয় বিজেপিয়েও ব্যাপক প্ৰস্তুতি চলাইছে । তাৰ অংশস্বৰূপে শাসকীয় বিজেপিয়ে নিৰ্বাচনী সংকল্প পত্ৰ মুকলি কৰিছে । পূৰ্বৰ দৰেই এইবাৰো দৰিদ্ৰৰ কল্যাণৰ ওপৰত গুৰুত্ব দিয়া হৈছে । ইফালে সংকল্প পত্ৰৰ টেগলাইন দিয়া হৈছে প্ৰধানমন্ত্ৰী মোডীৰ গ্যেৰাণ্টি আৰু বিজেপিৰ বিশ্বাস ।

সংকল্প পত্ৰ মুকলি কৰি বিজেপিয়ে দাবী কৰিছে যে শাসকীয় চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণক পৰামৰ্শ অনুসৰি ইয়াক প্ৰস্তুত কৰা হৈছে । বিজেপিয়ে জনোৱা মতে বিভাগীয় সন্মিলন অনুষ্ঠিত কৰা হৈছিল, বিভিন্ন সম্প্ৰদায়ৰ বিশিষ্ট লোকৰ পৰা পৰামৰ্শ লোৱা হৈছিল আৰু ৫২ খন জিলাত বিশেষ সন্মিলন অনুষ্ঠিত কৰা হৈছিল । কাৰিকৰীভাৱে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ পৰা পৰামৰ্শ লোৱা হৈছিল । বিজেপিৰ মতে দলটোৱে ৰাজ্যখনৰ ৭ লাখ লোকৰ পৰামৰ্শ লৈ এই সংকল্প পত্ৰ প্ৰস্তুত কৰা হৈছে ।

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কোৱা মতে নৰকা চৌদাসৰ দিনা বিজেপিয়ে এই সংকল্প পত্ৰ মুকলি কৰিছে । এইয়া মাতৃ, ভগ্নীসকলৰ মুক্তিৰ দিন, ভগৱান কৃষ্ণই হাজাৰ হাজাৰ মহিলাক নৰকা সুৰৰ বন্দীত্বৰ পৰা মুক্ত কৰিছিল বুলি তেওঁ উল্লেখ কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ মতে জনসাধাৰণৰ পৰামৰ্শ লৈ বহুতো ৰাজহুৱা কল্যাণমূলক আঁচনি প্ৰস্তুত কৰা হৈছে । তেওঁৰ মতে ৰাজ্যখনত বিজেপি চৰকাৰে মহিলাসকলৰ সৱলীকৰণৰ বাবে কাম কৰি আছে । শিশুসকলৰ বাবে চিএম ৰাইচ স্কুল আৰম্ভ কৰিছে ।

সংকল্প পত্ৰ মুকলিৰ অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা উপস্থিত থাকে । তেওঁ কয় যে এই সংকল্প পত্ৰ কাৰ্যকৰী কৰাটো সকলো মন্ত্ৰীৰ দায়িত্ব । বিজেপিৰ প্ৰাথমিক লক্ষ্য হৈছে দৰিদ্ৰ লোকসকলৰ কল্যাণৰ ওপৰত গুৰুত্ব দিয়া ।

তেওঁৰ মতে মধ্য প্ৰদেশত ঔদ্যোগিক বিকাশৰ হাৰ বৃদ্ধি পাইছে । ঔদ্যোগিক বিকাশৰ হাৰ ০ শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি পাইছে । তেওঁৰ মতে জলসিঞ্চন খণ্ডও ৪ গুণ বৃদ্ধি পাইছে । নাড্ডাৰ মতে ৰেৱাত সৰ্বাধিক সংখ্যক মটৰ চাইকেল ক্ৰয় কৰা হৈছে ।

বিজেপিৰ মতে আজি ৰাজ্যখনৰ মুঠ উপাৰ্জন ১৩ লাখ কোটি অতিক্ৰম কৰিছে । কিষাণ মিত্ৰ যোজনা আৰু কৃষি ক্ষেত্ৰত মধ্য প্ৰদেশে ৪০ শতাংশ অৰিহণা যোগায় । বিজেপিয়ে হিন্দীত চিকিৎসা শিক্ষা প্ৰদানৰ কাম কৰিছে ।

সংকল্প পত্ৰত কেইবাটাও গ্যেৰাণ্টি দিয়া হৈছে । তাৰ ভিতৰত প্ৰতি কুইণ্টল ঘেঁহুৰ মূল্য ২,৭০০ টকা আৰু প্ৰতি কুইণ্টল ধানত ৩,১০০ টকা ধাৰ্য কৰা । টেণ্ডু পাতৰ মূল্য বৃদ্ধি কৰা, দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়া শিক্ষা প্ৰদান কৰা, প্ৰতিখন জিলাতে আইআইটি স্থাপন কৰাও অন্যতম প্ৰতিশ্ৰুতি বিজেপিৰ । প্ৰতিটো পৰিয়ালতে নিযুক্তি প্ৰদান কৰা, সৰিয়হৰ তেল বিনামূলীয়াকৈ দিয়া, মাহজাতীয় শস্য আৰু চেনী দিয়াৰ প্ৰতিশ্ৰুতিও বিজেপিৰ অন্যতম প্ৰতিশ্ৰুতি হিচাপে বিবেচিত হৈছে । উপাসনাস্থলীসমূহ পুনৰ নিৰ্মাণ কৰা, স্বাস্থ্য, শিক্ষা, কৃষক আৰু অন্যান্য খণ্ড শক্তিশালী কৰাৰো প্ৰতিশ্ৰুতি দিয়ে বিজেপিয়ে ।

লগতে পঢ়ক :Telangana Elections 2023 : তেলেংগানা নিৰ্বাচনত কোটিপতি প্ৰাৰ্থীৰ ভিৰ; মুখ্য দলসমূহৰ বেছিভাগ প্ৰাৰ্থীয়ে কোটিপতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.