ETV Bharat / bharat

প্ৰিয়ংকা গান্ধীক প্ৰত্যাহ্বান জনাবলৈ সাজু উত্তৰ প্ৰদেশ বিজেপি

author img

By

Published : Feb 18, 2021, 1:54 PM IST

উত্তৰ প্ৰদেশৰ গ্ৰামাঞ্চলত কৃষি আইন সম্পৰ্কীয় কেতবোৰ ভুল ধাৰণা আঁতৰ কৰিবলৈ এক সভাৰ আয়োজন বিজেপিৰ ।

প্ৰিয়ংকা গান্ধীক প্ৰত্যাহ্বান জনাবলৈ উত্তৰ প্ৰদেশত সাজু বিজেপি

নিউজ ডেস্ক,১৮ ফেব্ৰুৱাৰী: নতুন কৃষি আইন সন্দৰ্ভত অব্যাহত থকা প্ৰতিবাদী কৃষকৰ সৈতে আলোচনা কৰিবলৈ সাজু বিজেপি । উত্তৰ প্ৰদেশৰ গ্ৰামাঞ্চলত কৃষি আইন সম্পৰ্কীয় কেতবোৰ ভুল ধাৰণা আঁতৰ কৰিবলৈ এক সভাৰ আয়োজন কৰিছে । উত্তৰ প্ৰদেশৰ ছাহাৰনপুৰত অনুষ্ঠিত কিষাণ পঞ্চায়তত অংশগ্ৰহণৰ বাবে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাক প্ৰত্যাহ্বান জনাবলৈ বিজেপিৰ এয়া এক অন্য ৰণনীতি হিচাপে পৰিগণিত হৈছে ।

বিগত দুটা সপ্তাহত প্ৰিয়ংকা গান্ধীয়ে তিনিবাৰকৈ উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিছে । কৃষি আইনৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদত ৰাজ্যখনৰ ৰামপুৰৰ এগৰাকী কৃষকে মৃত্যুবৰণ কৰে । ৪ ফেব্ৰুৱাৰীত গান্ধীয়ে নিহত কৃষকগৰাকীৰ পৰিয়াললৈ গৈ শোক ব্যক্ত কৰে । ইফালে ১০ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ ছাহাৰনপুৰত অনুষ্ঠিত কিষাণ পঞ্চায়তত অংশগ্ৰহণ কৰাৰ পূৰ্বে শকুম্বাৰী দেৱীৰ মন্দিৰত সেৱা জনাই কংগ্ৰেছ নেত্ৰী গৰাকীয়ে । ১২ ফেব্ৰুৱাৰীত বিজনৰত অনুষ্ঠিত কিষাণ পঞ্চায়তত অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, এপ্ৰিল মে' মাহত ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পাচতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাকে লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত মহাৰণ অব্যাহত আছে । যাৰ বাবে বিজেপিয়ে কৃষি আইন সম্পৰ্কীয় কেতবোৰ ভুল ধাৰণা আঁতৰ কৰিবলৈ কৃষকসকলৰ সৈতে এক সভাৰ আয়োজন কৰিছে ।

লগতে পঢ়ক: "ৰে’ল ৰোকো" কাৰ্যসূচীৰ বাবে অতিৰিক্ত 20 টা কোম্পানী মোতায়েন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.