ETV Bharat / bharat

Lok Sabha Election 2024 : কৰ্ণাটকত বিজেপি-জেডিএছ মিত্ৰতা; প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পাৰ আদৰণি - Loka sabha elections 2024

লোকসভা নিৰ্বাচনৰ বাবে কৰ্ণাটকত বিজেপি আৰু জেডিএছৰ মাজত মিত্ৰতা গঢঞি উঠিছে । আনহাতে, ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাই এই মিত্ৰজোঁটক আদৰণি জনাইছে ।

Lok Sabha Election 2024
Lok Sabha Election 2024
author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 9:13 PM IST

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : সমাগত লোকসভা নিৰ্বাচন । ইতিমধ্যে এই নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি নামিছে শাসক-বিৰোধী । তাৰ মাজতে এক গুৰুত্বপূৰ্ণ ঘটনাক্ৰমত, বিজেপি আৰু জেডিএছে কৰ্ণাটকৰ বিৰোধী দলৰ বিৰুদ্ধে আগন্তুক লোকসভা নিৰ্বাচনত একেলগে যুঁজাৰ সিদ্ধান্ত লৈছে । আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা বি এছ য়েদিয়ুৰাপ্পাই আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু জেডিএছৰ মিত্ৰতাৰ সিদ্ধান্তক আদৰণি জনাইছে । তেওঁ কয় যে মিত্ৰজোঁটৰ জৰিয়তে তেওঁলোকে অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ব ।

শুকুৰবাৰে বেংগালুৰুৰ ফ্ৰীডম পাৰ্কত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি বিএছৱায়ে কয় যে দিল্লীত এই সন্দৰ্ভত আলোচনা হৈছে । জেডিএছ নেতা এইচ ডি দেৱগৌড়া আৰু আমাৰ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিত্ৰতাৰ আলোচনা কৰিছে । দুয়োটা দলৰ নেতাই মিত্ৰতাত সন্মত হৈছে । দলটোৱে জেডিএছক চাৰিখন আসন এৰি দিবলৈ সন্মত হৈছে । গতিকে জেডিএছে ৪ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বিজেপিয়ে ৰাজ্যখনৰ আগন্তুক লোকসভা নিৰ্বাচনত বাকী ২৪ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ।

"মই মিত্ৰতাক স্বাগতম জনাইছোঁ । এইটোৱে আমাক অধিক আসন জিকাত সহায় কৰিব । মিত্ৰজোঁটটোৱে ২৫-২৬ খন আসনত জয়লাভ কৰিব বুলি বিশ্বাস আছে ।" য়েদিয়ুৰাপ্পাই কয় ।

আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মায়েও এই মিত্ৰতাক আদৰণি জনাইছে । "কৰ্ণাটকক বচাবলৈ এটা মিত্ৰতা কৰা হৈছে । বিৰোধীসকল স্বাভাৱিকতে একত্ৰিত হৈছে । ৰাজ্যখন বচাবলৈ একত্ৰিত হোৱাৰ প্ৰয়োজন আছে ।" বোম্মাই কয় ।

উল্লেখ্য যে জেডিএছে ৪টা সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব । আনহাতে, আগন্তুক নিৰ্বাচনত ২৮ টা সমষ্টিৰ ভিতৰত ২৪ টা সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ।

কৰ্ণাটকৰ বিগত লোকসভা নিৰ্বাচনত শাসকীয় কংগ্ৰেছ আৰু জেডিএছ দলে প্ৰাক-নিৰ্বাচনী মিত্ৰতা গঠন কৰি আসন ভাগ-বতৰা কৰিছিল । কিন্তু মিত্ৰজোঁটটো নিৰ্বাচনত পৰাজিত হয় আৰু মাত্ৰ দুখন আসনতহে জয়ী হ'বলৈ সক্ষম হয় । এইবাৰ বিজেপিয়ে জেডিএছক ৪ খন আসন এৰি দি ২৪ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে । সূত্ৰ অনুসৰি, জেডিএছে হাছান, মাণ্ড্য, বেংগালুৰু গ্ৰাম্য আৰু কোলাৰ সমষ্টি বিচাৰিছে ।

ইফালে মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই শুকুৰবাৰে কয় যে লোকসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু জেডিএছৰ মাজত হোৱা নিৰ্বাচনী বুজাবুজিক লৈ তেওঁ চিন্তিত নহয় । লগতে কয় যে ৰাইজে কংগ্ৰেছ দলক সমৰ্থন কৰিব ।

সংবাদ মাধ্যমক সম্বোধন কৰি সিদ্দাৰামাইয়াই কয়, "মিত্ৰতা হ'ব নে তেওঁলোকে পৃথকে যুঁজ দিব, তাত মই চিন্তিত নহয় । আমি জনসাধাৰণক ভোট দিবলৈ অনুৰোধ কৰিম । জনসাধাৰণ আমাৰ লগত আছে । তেওঁলোকে আমাক ভোট দিব ।" মুখ্যমন্ত্ৰীয়ে তেওঁৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত কয় ।

লগতে পঢ়ক :Mallikarjun Kharge Chhattisgarh Visit : ছত্তীশগড়ত বিজেপিক তীব্ৰ আক্ৰমণ মল্লিকাৰ্জুন খাৰ্গেৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.