ETV Bharat / bharat

Nitish Kumar Security Breach : মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নিৰাপত্তাত সুৰুঙা

author img

By

Published : Jun 15, 2023, 5:22 PM IST

মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নিৰাপত্তাত পুনৰ ত্ৰুটি । মুখ্যমন্ত্ৰীয়ে খোজকাঢ়ি গৈ থকা সময়তে এজন বাইক আৰোহী মুখ্যমন্ত্ৰীৰ নিৰাপত্তা চক্ৰত প্ৰৱেশ কৰে । সুৰক্ষা কৰ্মীয়ে আটক কৰে বাইক আৰোহীজনক ।

Nitish Kumar Security Breach
মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নিৰাপত্তাত সুৰুঙা

নেশ্যনেল ডেস্ক,১৫ জুন : বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নিৰাপত্তাত পুনৰ ত্ৰুটি । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত বৃহৎ ত্ৰুটিৰ খবৰ পোৱা গৈছে । য'ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ এখন দ্ৰুতবেগী বাইকৰ খুন্দাত আঘাতপ্ৰাপ্ত হোৱাৰ পৰা কোনোমতে ৰক্ষা পৰে । মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা ত্ৰুটিৰ তথ্য পোহৰলৈ অহাৰ পাছতে প্ৰশাসনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পাটনাৰ এছএছপিকে ধৰি কেইবাগৰাকী আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈছে ।

প্ৰাপ্ত খবৰ অনুসৰি, মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুৱা খোজকাঢ়ি গৈ থকাৰ সময়তে এজন বাইক আৰোহী মুখ্যমন্ত্ৰীৰ নিৰাপত্তা চক্ৰত প্ৰৱেশ কৰে । পাছত নীতিশ কুমাৰে নিজকে ৰক্ষা কৰিবলৈ ফুটপাথত উঠে । ঘটনাস্থলীত উপস্থিত সুৰক্ষা কৰ্মীয়ে বাইক আৰোহীজনক আটক কৰি জেৰা চলাইছে । ইফালে মুখ্যমন্ত্ৰীৰ বাসগৃহ আৰু তাৰ চাৰিওফালৰ অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে কেইবাবাৰো বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নিৰাপত্তাত ত্ৰুটি দেখা গৈছিল । জানিব পৰা মতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক যোৱা ১০ বছৰত কেইবাবাৰো আক্ৰমণ কৰা হৈছে । অৱশ্যে, নীতিশ কুমাৰে এই সময়ত এবাৰো আঘাতপ্ৰাপ্ত হোৱা নাই । পূৰ্বে তেওঁৰ ওপৰত শিল নিক্ষেপ কৰা হৈছিল । নীতিশ কুমাৰৰ ওপৰত প্ৰথম আক্ৰমণ ২০১২ চনত হৈছিল ।

২০১২ চনত সেৱা যাত্ৰাৰ সময়ত বিহাৰৰ বাক্সাৰত নীতিশৰ কনভয় জিলাখনৰ চৌচাৰ পৰা উভতি অহাৰ সময়ত তেওঁৰ কনভয়ত আক্ৰমণ কৰা হৈছিল । ২০১৬ চনত পাটনাৰ জনতা দৰবাৰত, যেতিয়া নীতিশে জনসাধাৰণৰ সমস্যাবোৰৰ বুজ লৈ আছিল এজন যুৱকে তেওঁৰ ফালে জোতা দলিয়াইছিল । ২০১৮ চনত পাটনাৰ বাপু প্ৰেক্ষাগৃহত এক কাৰ্যসূচীৰ সময়ত মুখ্যমন্ত্ৰী নীতিশক লক্ষ্য কৰি জোতা দলিয়াইছিল । অৱশ্যে যুৱকজনক মুখ্যমন্ত্ৰীৰ সমৰ্থকে আক্ৰমণ কৰে ।

২০২২ চনত বিকাশ যাত্ৰাৰ সময়ত, মুখ্যমন্ত্ৰী নীতিশৰ কনভয় বাক্সাৰ জিলাৰ নন্দৰ অঞ্চলৰ মাজেৰে পাৰ হৈ গৈ থকা সময়ত স্থানীয় লোকে শিল নিক্ষেপ কৰিছিল । সেই আক্ৰমণত নীতিশ কুমাৰৰ সুৰক্ষা কৰ্মীসকল আঘাতপ্ৰাপ্ত হৈছিল । ২০২০ চনৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়তো নীতিশে মধুবনীৰ হৰলাখিত এখন ৰাজহুৱা সভা সম্বোধন কৰি আছিল । সেই সময়ত একাংশ লোকে তেওঁৰ ফালে পিয়াজ আৰু শিল দলিয়াইছিল ।

২০২২ চনত বখতিয়াৰপুৰত মুখ্যমন্ত্ৰীয়ে স্বাধীনতা সংগ্ৰামী শিলভদ্ৰা য়াজীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি জ্ঞাপন কৰিবলৈ যোৱাৰ সময়তো তেওঁৰ নিৰাপত্তা ভাঙি এজন যুৱক প্ৰৱেশ কৰিছিল ।

২০২২ৰ এপ্ৰিলত নীতিশ কুমাৰ নালন্দাৰ চিলাৱ খণ্ডত এক ৰাজহুৱা বাৰ্তালাপ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সময়ত মঞ্চৰ পৰা ১৫ ৰ পৰা ১৮ ফুট দূৰত আতচবাজী ফুটাইছিল । পাছত সুৰক্ষা কৰ্মীসকলে যুৱকজনক আটক কৰিছিল । একেদৰে একেটা বছৰৰে মে' মাহত অনুৰূপ নিৰাপত্তা ত্ৰুটিৰ ঘটনা সংঘটিত হৈছে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নিৰাপত্তাত বাৰে বাৰে ত্ৰুটি হোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ নিৰাপত্তা পৰিচালনা কৰা এছএছজিয়ে ৫০ গৰাকী নতুন আৰক্ষী বিষয়াক অন্তৰ্ভুক্ত কৰা হৈছিল ।

লগতে পঢ়ক :Purola Love Jihad Case : পুৰোলা ঘটনাক লৈ টিভিত বিতৰ্ক কৰিব নোৱাৰিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.