ETV Bharat / bharat

Bhutan King to visit India : ৩ এপ্ৰিলত ভাৰতলৈ আহিব ভূটানৰ ৰজা - Bhutan King India visit

অহা ৩ এপ্ৰিলত তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক (Bhutans King Jigme Wangchuck to visit India)। বৈদেশিক পৰিক্ৰমা ড০ তাণ্ডি দৰ্জী আৰু ভূটান চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলো তেওঁৰ সৈতে ভাৰতলৈ আহিব । ভূটানৰ ৰজাই ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব ।

Bhutan King to visit India
৩ এপ্ৰিলত ভাৰতলৈ আহিব ভূটানৰ ৰজা
author img

By

Published : Apr 1, 2023, 5:40 PM IST

নেশ্যনেল ডেস্ক,১ এপ্ৰিল : তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ভাৰতলৈ আহিব ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক (Bhutans King Jigme Wangchuck to visit India)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি তেওঁৰ সৈতে বৈদেশিক পৰিক্ৰমা আৰু বৈদেশিক বাণিজ্য মন্ত্ৰী ড০ তাণ্ডি দৰ্জী আৰু ভূটান চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকিব । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁ ভাৰত ভ্ৰমণ কৰিব ।

দুয়োখন দেশৰ মাজত নিয়মীয়া আদান-প্ৰদানৰ দীৰ্ঘদিনীয়া পৰম্পৰা অনুসৰি ভূটানৰ ৰজাৰ এই ভ্ৰমণ (Relation between India and Bhutan)। তেওঁৰ ভ্ৰমণ কালত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু জ্যেষ্ঠ বিষয়াসকলেও ভূটানৰ ৰজাক আদৰণি জনাব । ভাৰত আৰু ভূটানে বন্ধুত্ব আৰু সহযোগিতাৰ অনন্য নিদৰ্শন দেখুৱাই আহিছে ।

এই ভ্ৰমণে দুয়োপক্ষৰ বাবে দ্বিপাক্ষিক সহযোগিতাৰ সমগ্ৰ পৰিসৰৰ পৰ্যালোচনা কৰা আৰু অৰ্থনৈতিক আৰু উন্নয়ন সহযোগিতাকে ধৰি ঘনিষ্ঠ দ্বিপাক্ষিক অংশীদাৰীত্বক অধিক আগুৱাই নিয়াৰ সুযোগ প্ৰদান কৰিব বুলি প্ৰকাশিত বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে । ইয়াৰ পূৰ্বে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ভূটানৰ নেশ্যনেল এচেম্বলীৰ অধ্যক্ষ ৱাংচুক নামগায়েলৰ নেতৃত্বত ভূটানৰ সংসদীয় প্ৰতিনিধি দলে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ কৰিছিল ।

প্ৰতিনিধি দলটোক আদৰণি জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছিল যে ভাৰত আৰু ভূটানৰ মাজত বহুমুখী আৰু অনন্য বন্ধুত্বক ভাৰতে গভীৰভাৱে গুৰুত্ব দি আহিছে । ভূটানৰ জনসাধাৰণৰ আশা-আকাংক্ষা আৰু অগ্ৰাধিকাৰ অনুসৰি ভূটানৰ সৈতে ভাৰতৰ উৎকৃষ্ট দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ।

ভূটান চৰকাৰক সকলোৰে প্ৰকাৰে সহযোগিতা আগবঢ়াবলৈ ভাৰতে দ্বিপাক্ষিক সহযোগিতাৰ নতুন পথ যেনে মহাকাশ সহযোগিতা, আধুনিক কৃষি, যুৱ আৰু ক্ৰীড়া, ষ্টাৰ্ট-আপ, নৱীকৰণযোগ্য শক্তি আৰু ডিজিটেল উন্নয়নত আগবাঢ়িছে ।

ভাৰত আৰু ভূটানৰ মাজত অনন্য আৰু দৃষ্টান্তমূলক দ্বিপাক্ষিক সম্পৰ্ক আছে যিবোৰ পাৰস্পৰিক বিশ্বাস, সদিচ্ছা আৰু বুজাবুজিৰ ওপৰত আধাৰিত । ভাৰত আৰু ভূটানৰ মাজত আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক ১৯৬৮ চনত স্থাপন হৈছিল । ভাৰত-ভূটান সম্পৰ্কৰ মৌলিক পৰিকাঠামো হৈছে দুয়োখন দেশৰ মাজত ১৯৪৯ চনত স্বাক্ষৰিত বন্ধুত্ব আৰু সহযোগিতাৰ চুক্তি, যাক ২০০৭ চনৰ ফেব্ৰুৱাৰীত নৱীকৰণ কৰা হৈছিল (MoU between India and Bhutan)। নতুন চুক্তিখনে ভূটানক বৈদেশিক নীতিৰ ওপৰত ভাৰতৰ নিৰ্দেশনাক বহল সাৰ্বভৌমত্বৰ সৈতে লোৱাৰ প্ৰয়োজনীয়তাৰ ব্যৱস্থাৰ সলনি কৰিছিল ।

লগতে পঢ়ক :Hinduphobia in USA: হিন্দুফোবিয়াক গৰিহণা দি জৰ্জিয়া বিধানসভাৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.