ETV Bharat / bharat

বেংগালুৰুত চলন্ত ৰেলৰ পৰা টুংগা নদীত সৰি পৰিল যুৱতী - বেংগালুৰুৰ পৰা শিমোগা

শিমোগা চহৰৰ টুংগা নদীত এখন চলন্ত ৰেলৰ পৰা সৰি পৰে 24 বছৰীয়া এগৰাকী যুৱতী ৷ যুৱতীগৰাকীয়ে ৰেলৰ দুৱাৰ মুখত ৰৈ ফোনত কথা পাতি থাকোতে হঠাৎ ৰেলৰ পৰা সৰি পৰে টুংগা নদীৰ দলঙৰ তলত৷

চলন্ত ৰেলৰ পৰা টুংগা নদীত সৰি পৰিল যুৱতী

author img

By

Published : Nov 13, 2020, 2:12 PM IST

নেশ্যনেল ডেস্ক,13 নৱেম্বৰঃ বৃহস্পতিবাৰে যুৱতীগৰাকী দুৰ্ঘটনাক্ৰমে চলন্ত ৰেলৰ পৰা টুংগা নদীত পৰি যায়৷ সাহানা নামৰ যুৱতীগৰাকী যেতিয়া উপনগৰীয় ৰেলেৰে বেংগালুৰুৰ পৰা শিমোগা অভিমুখে গৈ আছিল সেই সময়তে সংঘটিত হয় এই ঘটনা ৷

সাহানাই দুৱাৰৰ কাষত ৰৈ ফোনত কথা পাতি আছিল দুৰ্ঘটনাৰ সময়ত ৷ ৰেলৰ পৰা টুংগা নদীত পৰা পিচত ৰেলখনৰ যাত্ৰীসকলে এই সম্পৰ্কত ৰেল আৰক্ষীত জনায়, কিন্তু তেতিয়ালৈ ৰেলখন টুংগা নদীৰ দলং পাৰ বহু দূৰ পাইছিলগৈ ৷

উল্লেখ্য যে, এই ঘটনা সংঘটিত হোৱা স্থানৰ পৰা গন্তব্যস্থললৈ মাত্ৰ এক কিলোমিটাৰ বাটহে বাকী আছিল ৷ যুৱতীগৰাকীৰ পিতৃয়ে কন্যাক আগবঢ়াই নিবলৈ ষ্টেচনত ৰৈ আছিল যদিও কন্যা গৈ গন্তব্যস্থল নাপালেগৈ ৷ ইতিমধ্যে যুৱতীগৰাকীৰ সন্ধানত স্থানীয় প্ৰশাসন তথা উদ্ধাৰকাৰী দলে অনুসন্ধান অব্যাহত ৰাখিছে যদিও যুৱতীগৰাকীৰ সন্ধান লাভ কৰা নাই উদ্ধাৰকাৰী দলে ৷

লগতে চাওকঃ আজিৰ দিনটোৰ কেইটামান বিশেষ কাৰ্যসূচী থোৰতে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.