উত্তৰ প্ৰদেশ, ৬ জুন: উত্তৰ প্ৰদেশৰ চামলী জিলাৰ ঝিঝানা আৰক্ষী চকীৰ এটা দলে উত্তৰ প্ৰদেশ-হাৰিয়ানা সীমাত তালাচী অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী স্মাক জব্দ কৰে । জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ মূল্য প্ৰায় ৪.৫ কোটি টকা । উত্তৰ প্ৰদেশ বৰেলি জিলাৰ পৰা পঞ্জাৱলৈ এখন ট্ৰাকত তৰমুজৰ মাজত ভৰাই আনা হৈছিল স্মাকখিনি ।

আৰক্ষীৰ দলটোৱে ট্ৰাকখনৰ চালক আৰু সহায়কজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে । ধৃত লোক দুজন বৰেলিৰ শাহবাজ আৰু মুৰাদাবাদৰ দানিশ বুলি জানিব পৰা হৈছে ।