ETV Bharat / bharat

হিন্দু শৰণাৰ্থীক দিয়া হ'ব নাগৰিকত্বঃ অমিত শ্বাহ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ চাঞ্চল্য়কৰ মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ মমতা বেনাৰ্জীৰ প্ৰৱল বিৰোধিতা স্বত্বেও দেশত হিন্দু শৰণাৰ্থীক নাগৰিকত্ব দিয়া হ'ব ৷ কলিকতাত উপস্থিত হৈ এই কথা প্ৰকাশ কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷

author img

By

Published : Oct 1, 2019, 9:13 PM IST

Updated : Oct 2, 2019, 9:43 AM IST

কলিকতাত জনতাক সম্বোধন অমিত শ্বাহৰ

নিউজ ডেস্ক, 1 অক্টোৱৰঃ অসমৰ পিচতেই দেশৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ মঙলবাৰে পশ্চিমবংগৰ ৰাজধানীত উপস্থিত হৈ দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱা হ'ব বুলি হুংকাৰ দিয়ে অমিত শ্বাহে ৷ গৃহমন্ত্ৰীগৰাকীয়ে কলিকতাত জন জাগৰণ সভাত অংশগ্ৰহণ কৰি তৃণমুল কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

NRC আৰু CAB সন্দৰ্ভত অমিত শ্বাহ

দেশত ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ কথা কোৱা গৃহমন্ত্ৰীগৰাকীয়ে কলিকতাত উপস্থিত হৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত সৰৱ হৈ পৰে ৷ পশ্চিমবংগত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হ'বলৈ দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাৰম্বাৰ কৈ থকাৰ পিচটো ৰাজ্যখনত নাগৰিকপঞ্জীৰ কাম হ'ব বুলি নিশ্চিতি প্ৰদান কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷ গৃহমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, "পশ্চিমবংগত বাঁওপন্থীসকল ক্ষমতাত থকাৰ সময়ত ৰাজ্যখনৰ পৰা অবৈধ নাগৰিকসকলক খেদি পঠিওৱা হ'ব বুলি কৈ থকা মমতাই ক্ষমতা লাভ কৰিয়ে ইয়াৰ বিপৰীত মেৰুত অৱস্থাত কৰিছে ৷ একমাত্ৰ ভোটৰ লালসাত মমতাই চালে-বেৰে কোবোৱা কথা কৈ আছে ৷ দেশৰ বিভিন্ন প্ৰান্তত থকা অবৈধ অনুপ্ৰৱেশকাৰীসকলক শীঘ্ৰেই খেদি পঠিওৱা হ'ব ৷"

আনহাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্বেই নাগৰিকত্ব সংশোধনী বিধেয়ক কাৰ্যকৰী কৰিব বিজেপিয়ে ৷ হিন্দু, শিখ, জৈন, বৌদ্ধ আৰু খ্ৰীষ্টিয়ানসকলক দেশৰ পৰা খেদি পঠিওৱা নহ'ব ৷ উৰাবাতৰিত বিশ্বাস কৰিবলগীয়া কোনো কথা নাই ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰাই এইসকল লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব ৷ সভাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত এইদৰে উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

কলিকতাত জনতাক সম্বোধন অমিত শ্বাহৰ

আনহাতে গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, "অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰা বিষয়টোৰ লগত পশ্চিমবংগৰ বিশেষ সম্পৰ্ক আছে ৷ বাংলাৰ ভূমিপুত্ৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে প্ৰথমবাৰৰ বাবে আগবঢ়োৱা "এক নিশান, এক বিধান ঔৰ এক প্ৰধান" শ্লোগানৰ বাবেই দেশৰ একতা সম্ভৱপৰ হৈছে ৷" উল্লেখ্য যে, আজিৰ জনজাগৰণ সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা দলটোৰ অধ্যক্ষ অমিত শ্বাহৰ উপস্থিতিতে তৃণমুলৰ বিধায়ক সব্যসাচী দত্তৰ লগতে বিধাননগৰৰ প্ৰাক্তন মেয়ৰে বিজেপিত যোগদান কৰে ৷ সভাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক ৰাইজৰ লগতে বহুসংখ্যক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

Intro:Body:

Kolkata: Former Mayor of Bidhannagar (West Bengal) and TMC MLA Sabyasachi Dutta joins BJP in presence of Party President Amit Shah. Today In Kolkata Amit Shah said, "Didi(Mamata Banerjee) is saying will not let NRC happen in West Bengal, but I am assuring you, each and every infiltrator in India will be shown the door. You know when she was in opposition&Left was in power, she used to say infiltrators must be forced to leave India. I today want to assure Hindu,Sikh,Jain,Buddhist &Christian refugees, you will not be forced to leave India by the Centre. Don't believe rumours. Before NRC, we will bring Citizenship Amendment Bill, which will ensure these people get Indian citizenship. West Bengal and article 370 have a special connection, because it was the son of this soil, Syama Prasad Mukherjee ji who raised the slogan 'Ek Nishan, Ek Vidhan aur Ek Pradhan'."

Conclusion:
Last Updated : Oct 2, 2019, 9:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.