ETV Bharat / bharat

বাৰাণসীত নৰেন্দ্ৰ মোডীৰ বিপক্ষে কিয় নিৰ্বাচনত থিয় নহ'ল প্ৰিয়ংকা? - ETV BHARAT ASSAM

বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিপক্ষে কিয় প্ৰতিদ্বন্দিতা আগনবঢ়ালে প্ৰিয়ংকা গান্ধীয়ে ? প্ৰকাশ কৰিলে কংগ্ৰেছ নেতা শ্যাম পিট্ৰোডাই ।

বাৰাণসীত নৰেন্দ্ৰ মোডীৰ বিপক্ষে কিয় নিৰ্বাচনত থিয় নহ'ল প্ৰিয়ংকা?
author img

By

Published : Apr 27, 2019, 10:42 AM IST

দিল্লী,২৭ এপ্ৰিলঃ মোডী বনাম প্ৰিয়ংকা । বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিপক্ষে প্ৰিয়ংকা গান্ধী নিৰ্বাচনত থিয় দিব বুলি আশা কৰিছিল সকলো কংগ্ৰেছ কৰ্মীয়ে । চৰ্চা চলিছিল সকলোতে । সকলোৰে মনত আশা জগাইছিল স্বয়ং প্ৰিয়ংকাই । কিন্তু বাস্তৱত ঘটিল আন কিবাহে । নৰেন্দ্ৰ মোডীৰ বিপক্ষে অজয় ৰায়ৰ নাম ঘোষণাৰ পাছত নিৰাশ হয় কংগ্ৰেছৰ নেতা কৰ্মীসকল । কিন্তু মোডীৰ বিৰুদ্ধে অজয় ৰায়ক নিৰ্বাচনত থিয় কৰোৱাৰ সিদ্ধান্ত কাৰ আছিল সেই কথা ফাদিল কৰিছে কংগ্ৰেছ নেতা শ্যাম পিট্ৰোডাই । এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰিয়ংকা গান্ধীয়ে নিজেই ।

উল্লেখ্য যে, ফেব্ৰুৱাৰীত কংগ্ৰেছত যোগদান কৰিছিল প্ৰিয়ংকাই । যোগদানৰ পাছতে তেওঁক উত্তৰ প্ৰদেশৰ পূৱ অংশৰ দায়িত্ব দিয়া হয় । ঠিক তেনে সময়তে বিজেপিয়ে প্ৰধানমন্ত্ৰী পদত পুনৰ নৰেন্দ্ৰ মোডীৰ নাম ঘোষণা কৰে । কংগ্ৰেছৰ নেতা কৰ্মীসকলে মোডীৰ বিৰুদ্ধে আশা কৰিছিল প্ৰিয়ংকা গান্ধীৰ নাম । কিন্তু তাৰ পৰিৱৰ্তে ঘোষণা হ'ল অজয় ৰায়ৰ নাম । কংগ্ৰেছৰ প্ৰবীন নেতা শ্যাম পিট্ৰোডাই প্ৰিয়ংকা গান্ধীৰ নাম ঘোষণা নকৰাৰ আঁৰত কয় যে প্ৰিয়ংকাই নিজেই বিচৰা নাই প্ৰতিদ্বন্দিতা কৰিবলৈ । কাৰণ তেওঁৰ ওপৰত আছে বহু দায়িত্ব । আৰু সেয়েহে তেওঁ কেৱল এখন আসনৰ ওপৰত দৃষ্টি নিৱদ্ধ ৰখা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.