ETV Bharat / bharat

লক্ ডাউনত আৱদ্ধ লোক সকলৰ বাবে পশ্চিমবংগ চৰকাৰৰ এপ্ মুকলি

দেশত বৰ্তমান চলি আছে লক্ ডাউন ৩.০ । লক্ ডাউন ঘোষণা হোৱাৰ পাচৰে পৰাই বিভিন্ন ঠাইত বহু লোক আৱদ্ধ হ'বলগীয়া হৈছে । সেই সকলক লোকক নিজৰ-নিজৰ স্থানত পঠিয়াবলৈ সহায়ক হোৱাকৈ তাৰ বাবে পশ্চিমবংগ চৰকাৰৰ এক এপ্ মুকলি ।

west bengal govt launch app for stuck people due to lockdown

author img

By

Published : May 5, 2020, 3:15 PM IST

পশ্চিমবংগ, ৫ মে': বহিঃৰাজ্যৰ আৱদ্ধ হৈ থকা লোক সকলক নিজৰ-নিজৰ স্থানলৈ পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ সোমবাৰে পশ্চিমবংগ চৰকাৰে মুকলি কৰিলে এটা এপ্ । সোমবাৰে ৰাজ্যখনৰ গৃহ সচিব আলপান বন্দোপাধ্যায়ে জানিবলৈ দিয়ে এই কথা । আৱদ্ধ হৈ থকা লোক সকলৰ সহায়ক হোৱাকৈয়ে এই এপ্ মুকলি কৰা হৈছে পশ্চিমবংগ চৰকাৰৰ তৰফৰ পৰা ।

এই এপ্ মুকলি কৰিয়ে গৃহ সচিবগৰাকীয়ে কয়, লক্ ডাউনৰ ঘোষণা হোৱাৰ পাচৰে পৰা বৃহৎ সংখ্যক বহিঃৰাজ্যৰ লোক আৱদ্ধ হৈ আছে পশ্চিমবংগত । যাৰ বাবে এই এপ্ মুকলি কৰা হৈছে । আৱদ্ধ লোক সকলক এই এপ্ ৰ যোগেদি অনলাইন অনুমতি প্ৰদান কৰা হ'ব পশ্চিমবংগ ত্যাগ কৰাৰ ।

বন্দোপাধ্যায়ে লগতে কয়, এই এপ্ ৰাজ্য চৰকাৰৰ ইগিয়ে বাংলা (Egiye Bangla) ৱেবচাইটত গৈ ডাউনল'ড কৰিবলৈ পাৰিব আবেদনকাৰীয়ে । নিজৰ জন্মভূমি ৰাজ্যলৈ উভতি যাবৰ বাবে ইচ্ছুক লোক সকলে এই এগজিট এপ্ ৰ সহায়েৰে অনলাইন আবেদন কৰিব পাৰিব । এইটো এপ্ চলাবলৈ অতি সহজ বুলিও উল্লেখ কৰে ।

লগতে সকলো ওচৰ-চুবুৰীয়া ৰাজ্যৰ নডাল বিষয়াক অনুৰোধ কৰিছে যে, এই লোক সকলক মূল স্থানলৈ নিয়াৰ বাবে প্ৰৱেশ ব্যৱস্থা অতি সহজ কৰিবলৈ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.