পশ্চিমবংগ, 16 জুন: পশ্চিমবংগৰত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ সোমবাৰে দিনটোত ৰাজ্যখনত নতুনকৈ 407 গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-19ৰ অৱস্থিতি ৷ ইয়াৰ লগে লগে ৰাজ্যখনত কোভিড-19 ত আক্ৰান্তৰ সংখ্যা হয়গৈ 11 হাজাৰ 494 গৰাকী ৷ ইয়াৰ ওপৰিও সোমবাৰে দিনটোত ৰাজ্যখনত মৃত্যু হৈছে 10 গৰাকী কোভিড-19 ত আক্ৰান্তৰ ৷ পশ্চিমবংগ চৰকাৰে প্ৰকাশ কৰিছে এই তথ্য ৷
উল্লেখ্য যে, সোমবাৰৰ দিনটোত ভাৰতবৰ্ষত কোভিড-19 ত আক্ৰান্ত হয় 11 হাজাৰ 502 গৰাকী লোক ৷ ইয়াৰ লগে লগে ভাৰতত কোভিড-19 ত আক্ৰান্তৰ সংখ্যা হয়গৈ 3 লাখ, 32 হাজাৰ, 424 গৰাকী ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই তথ্য ৷ ইয়াৰ ওপৰিও সোমবাৰে ভাৰতত কোভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হয় 325 গৰাকী লোকৰ ৷ ইয়াৰ লগে লগে ভাৰতত কোভিড-19 আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 9 হাজাৰ 520 গৰাকীলৈ ৷ উল্লেখ্য যে, বৰ্তমান ভাৰতত 1 লাখ, 53 হাজাৰ 106 গৰাকী লোক কোভিড-19 ত আক্ৰান্ত হৈ থকাৰ বিপৰীতে ইতিমধ্যেই আৰোগ্য লাভ কৰিছে 1 লাখ, 69 হাজাৰ 798 গৰাকী লোকে ৷
লগতে পঢ়কঃ গোলাঘাটত দুজন প্ৰথম শাৰীৰ COVID যোদ্ধাৰ দেহত কৰ'ণা পজিটিভ