ETV Bharat / bharat

বহু ৰোগৰ কাৰণ দূষিত পানী - Water..Water Everywhere.. But Not a Drop to Drink Anymore!!

ৰাষ্ট্ৰীয় সমীক্ষাই প্ৰকাশ কৰা অনুসৰি অধিকাংশ মানুহে বিশেষকৈ গ্ৰামাঞ্চলত বিশুদ্ধিকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈ পোনে পোনে পানী সেৱন কৰে । বিভিন্ন সমীক্ষাৰ প্ৰতিবেদন অনুসৰি বিশ্বজুৰি প্ৰায় ৮০ শতাংশ ৰোগ দূষিত পানী ব্যৱহাৰ কৰাৰ ফলত হয় । ডায়েৰিয়া, ক’লেৰা, টাইফয়েড, পোলিঅ’ আদি ৰোগ দূষিত খোৱাপানীৰ ফলত হয় । বিশ্বত প্ৰতি বছৰে পাঁচ মিলিয়নতকৈ অধিক শিশু কেৱল ডায়েৰিয়াত আক্ৰান্ত হৈয়ে মৃত্যুক আঁকোৱালি লয়

পানী
বহু ৰোগৰ কাৰণ দূষিত পানীঃ
author img

By

Published : Dec 8, 2019, 1:00 PM IST

মানুহক জীয়াই থাকিবলৈ যিমান পানীৰ প্ৰয়োজন তেনেদৰে পানীৰ গুণগত মানো গুৰুত্বপূৰ্ণ । মানৱ শৰীৰৰ ৫০ ৰ পৰা ৭৫ শতাংশ পানীয়ে দখল কৰে । পানীয়ে মানৱ শৰীৰৰ উষ্ণতাৰ লগতে মেটাবলিকৰ কাৰ্যাৱলীকো নিয়ন্ত্ৰণ কৰাত উল্লেখনীয় ভূমিকা পালন কৰে । যদি আমি সেৱন কৰা পানীৰ গুণগত মান সঠিক হয় তেন্তে বহু স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি । বিশ্ব স্বাস্থ্য সংস্থাৰ ২০১৯ ৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ ১৪৬ মিলিয়ন লোক বা মুঠ জনসংখ্যাৰ ১৯ শতাংশ লোকৰ বিশুদ্ধ খোৱাপানীৰ সুবিধা নাই ।

পানী
বহু ৰোগৰ কাৰণ দূষিত পানীঃ

শেহতীয়া ৰাষ্ট্ৰীয় সমীক্ষাই প্ৰকাশ কৰা অনুসৰি অধিকাংশ মানুহে বিশেষকৈ গ্ৰামাঞ্চলত বিশুদ্ধিকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈ পোনে পোনে পানী সেৱন কৰে । বিভিন্ন সমীক্ষাৰ প্ৰতিবেদন অনুসৰি বিশ্বজুৰি প্ৰায় ৮০ শতাংশ ৰোগ দূষিত পানী ব্যৱহাৰ কৰাৰ ফলত হয় । ডায়েৰিয়া, ক’লেৰা, টাইফয়েড, পোলিঅ’ আদি ৰোগ দূষিত খোৱাপানীৰ ফলত হয় । বিশ্বত প্ৰতি বছৰে পাঁচ মিলিয়নতকৈ অধিক শিশু কেৱল ডায়েৰিয়াত আক্ৰান্ত হৈয়ে মৃত্যুক আঁকোৱালি লয় । বিশুদ্ধ পানী সেৱন নকৰাৰ ফলতে বহু লোক হেপাটাইটিছৰ লগতে পেটৰ বিভিন্ন সমস্যাত ভুগিবলগীয়া হয় । প্ৰায় ৬৮.৫ কোটি লোক পেটৰ বেমাৰত ভোগে । প্ৰায় ৩২.৫ কোটি মানুহ হেপাটাইটিছ ৰোগত আক্ৰান্ত হয় । বহু দেশত স্বাস্থ্য সেৱা,অনাময় আৰু আৱৰ্জনা ব্যৱস্থাপনা উপযুক্ত নহয় ।

পানী
বহু ৰোগৰ কাৰণ দূষিত পানীঃ

বৰ্তমান সময়ত বহু লোকৰ ব্যক্তিগত চাফ-চিকুণতা নাই । ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয় । বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া তথ্যমতে বিশ্বৰ প্ৰায় ৭৮.৫ মিলিয়ন লোক বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত । ইয়াৰে ১৪.৪ মিলিয়ন লোক বাহ্যিক জল উৎসৰ ওপৰত নিৰ্ভৰশীল । ৰাষ্ট্ৰসংঘৰ মতে প্ৰতিজন লোকে বিশুদ্ধ খোৱাপানী লাভ কৰাটো প্ৰাথমিক অধিকাৰ । কিন্তু চৰকাৰসমূহে ইয়াৰ প্ৰতি যেন উপযুক্ত গুৰুত্ব প্ৰদান কৰা নাই ।

ৰাষ্ট্ৰসংঘই মানুহৰ গড় আয়ুসৰ তথ্য ২০১০ চনৰ পৰা মানৱ বিকাশ সূচকাংক হিচাপে প্ৰকাশ কৰি আহিছে । এই সূচকাংক সামাজিক, অৰ্থনৈতিক, উন্নয়নৰ দিশৰ লগতে জলসম্পদৰ ওপৰত নিৰ্ধাৰণ কৰা হয় । মুঠ ১৮৯ খন দেশক এই সমীক্ষাৰ বাবে লোৱা হয় । আটাইতকৈ ক্ষুদ্ৰ দেশ নোৰৱে এইক্ষেত্ৰত সবাতোকৈ ওপৰত আছে । নাইজেৰিয়াই ১৮৯ অৰ্থাৎ তালিকাৰ আটাইতকৈ তলত স্থান লাভ কৰিছে । আমাৰ দেশতকৈ চুবুৰীয়া দেশ শ্ৰীলংকাই উন্নত স্থান লাভ কৰিছে । শ্ৰীলংকাৰ স্থান ৭৫ । বিভিন্ন দেশত সামাজিক, অৰ্থনৈতিক আৰু উন্নয়নৰ পৰিৱেশৰ লগতে খোৱা পানীৰ উৎসৰ অৱস্থা যে পৃথক পৃথক এই তথ্যই প্ৰমাণ কৰে ।

পানী
বহু ৰোগৰ কাৰণ দূষিত পানীঃ

২০১৯ চনৰ শেহতীয়া চৰকাৰী সমীক্ষামতে দেশৰ গ্ৰামাঞ্চলৰ মাত্ৰ ১৮.৩৩ শতা্ংশ পৰিয়ালেহে টেপযোগে পানী যোগান লাভ কৰে । অৱশ্যে চহৰাঞ্চলৰ প্ৰায় ৯০ শতাংশ
লোকে পানী যোগান লাভ কৰে । দেশৰ ৰাজধানী চহৰ দিল্লীত অৱস্থা ভয়ানক । তথ্য অনুসৰি দিল্লীত টেপযোগে যি পানী যোগান ধৰা হয় ৷

সেয়া খোৱাৰ বাবে উপযোগী নহয় । এই পানীত বহু আৱৰ্জনা থাকে । পানীৰ গুণাগুণ পৰীক্ষাৰ বাবে ২৮ টা দিশ বিশ্লেষণ কৰা হয় । কলকাতা, জয়পুৰ, ডেৰাডুন, ৰাঁচী, ৰায়পুৰ আদি চহৰতো যোগান ধৰা পানীৰ মান অতি নিম্ন । এই চহৰ-মহানগৰসমূহত বিশুদ্ধ পানী যোগান ধৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে । আন মহানগৰসমূহ যেনে হায়দৰাবাদ, ভুৱনেশ্বৰ, তিৰুৱন্তপুৰম, পাটনা, ভূপাল, অমৰাৱতী, চিমলা, বেংগুলুৰু, চণ্ডীগড়, লক্ষ্ণৌ, জম্মু আদিত যোগান ধৰা পানীৰ গুণগত মানো সঠিক নহয় । অৱশ্যে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত পৰিস্থিতি বহু পৰিমাণে উন্নত । পৰীক্ষা অনুসৰি মহানগৰখনত ৰাইজক যোগান
ধৰা পানী বিশুদ্ধ ।

ইয়াৰোপৰি দেশৰ বিশখন ৰাজ্যৰ বহু চহৰে নাগৰিকক বিশুদ্ধ খোৱাপানী যোগান নধৰে । ভাৰতীয় জল পৰ্টেলৰ ২০১৯ চনৰ এক প্ৰতিবেদন মতে প্ৰতি বছৰে দেশৰ ৩৭.৩ কোটি লোক পানীৰ পৰা হোৱা বেমাৰত আক্ৰান্ত হয় । ইয়াৰে প্ৰায় ১০. ৫ লাখ শিশুৰ ডায়েৰিয়াত মৃত্যু হয় । দেশজুৰি যিসকল লোকে দূষিত পানীৰ ফলত আক্ৰান্ত হয় তেওঁলোকৰ কৰ্মদিন হ্ৰাস পায় আৰু অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হয় । যদিও চৰকাৰে এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সন্তোষজনক নহয় । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ ভিতৰত ১০০ খন স্মাৰ্ট চিটী, জিলা সদৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ মহানগৰসমূহৰ পানীৰ গুণগত মান পৰীক্ষা কৰাৰ ব্যৱস্থা লৈছে । তদুপৰি কেন্দ্ৰীয় চৰকাৰে ২০২৪ চনৰ ভিতৰত দেশৰ সকলো পৰিয়ালকে বিশুদ্ধ টেপৰ পানী যোগান ধৰাৰ লক্ষ্যৰে ৩.৫ লাখ কোটি টকাৰ
বাজেট নিৰ্ধাৰণ কৰিছে ।

পানী
বহু ৰোগৰ কাৰণ দূষিত পানীঃ

গুণগত মানসম্পন্ন পাম্পৰ জৰিয়তে বহু পৰিমাণে ৰোগ প্ৰতিহত কৰিব পাৰি । ইয়াৰ লগতে যিবোৰ স্থানত পানী যোগান ধৰা হয় সেইবোৰত নিয়মীয়াকৈ পানী পৰীক্ষা
কৰিব লাগে । সবাতোকৈ ডাঙৰ কথা হ’ল জনসাধাৰণৰ সচেতনতাইহে পানীৰ পৰা হোৱা ৰোগ বিৰোধী যুঁজখনৰ মূল অস্ত্ৰ ।

-আচাৰ্য নন্দিতা চুব্বাৰাও
লেখক আৰু ভূতত্ববিদ

Intro:Body:

Water..Water Everywhere.. But Not a Drop to Drink Anymore!!

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.