ETV Bharat / bharat

অন্ধ্ৰপ্ৰদেশত বাছ চুৰি কাৰ্য, গ্ৰেপ্তাৰ চোৰ ! - ৰোড ট্ৰান্সপৰ্ট কৰ্পোৰেচন

অন্ধ্ৰপ্ৰদেশত পোহৰলৈ আহিছে এক বাছ চুৰিকাণ্ডৰ ঘটনা । অন্ধপ্ৰদেশৰ অনন্তপুৰ জিলাৰ ৰোড ট্ৰান্সপৰ্ট কৰ্পোৰেচনৰ বাছ ষ্টপৰ পৰা বাছ চুৰি কৰি নিয়াৰ ভিডিঅ' ভাইৰেল ছ'চিয়েল মিডিয়াত ।

WATCH: Andhra man steals bus, case registered
অন্ধ্ৰপ্ৰদেশত বাছ চুৰি কাৰ্য
author img

By

Published : May 23, 2020, 8:26 AM IST

নিউজ ডেস্ক, ২৩ মে': অন্ধ্ৰপ্ৰেদশত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰি ঘটনা । বাইক অথবা এটিএম নহয় বাছ চুৰি কৰি নিয়াৰ চেষ্টা চোৰৰ । সম্প্ৰতি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বাছ চুৰি কাণ্ডৰ সম্পূৰ্ণ ভিডিঅ' । অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ বাছ চুৰি কাণ্ডৰ ঘটনাটো ।

অন্ধ্ৰপ্ৰদেশত বাছ চুৰি কাৰ্য

ৰোড ট্ৰান্সপৰ্ট কৰ্পোৰেচনৰ বাছ ষ্টপৰ পৰা বাছ চুৰি কৰি নিছিল ধৃত চোৰে । পিচত আৰক্ষীয়ে হাতে-লুটে ধৰিবলৈ সক্ষম হয় চোৰটোক । ভাইৰেল হৈ পৰা ভিডিঅ'টোত মামিল্লাপাল্লি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ধৃত চোৰজনক আৰক্ষীয়ে প্ৰহাৰ কৰাও দেখা পোৱা যায় । বাছ চুৰি কৰা লোকজন বাংগালুৰুৰ মাজমাল খান বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে । বৰ্তমানো বাছখনৰ চুৰি কৰাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.