ETV Bharat / bharat

বিশাখাপট্টনম গেছ ট্ৰেজেডী : ষ্টেৰিন মন'মাৰ ইনভেন্টৰিৰ আদান প্ৰদান আৰম্ভ - ষ্টেৰিন মন'মাৰ গেছ

বিশাখাপট্টনমৰ গেছ ট্ৰেজেডীৰ পিচতে উক্ত গেছ প্লান্টৰ স্বত্বাধিকাৰী সংস্থা দক্ষিণ কোৰিয়াৰ এল জি কেমে উক্ত স্থানৰ পৰা মাৰাত্মক ষ্টেৰিন মন'মাৰ নিজ দেশলৈ নিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছে ।

বিশাখাপট্টনম গেছ ট্ৰেজেডী
বিশাখাপট্টনম গেছ ট্ৰেজেডী
author img

By

Published : May 14, 2020, 9:40 PM IST

নিউজ ডেস্ক, ১৪ মে' : বিশাখাপট্টনম গেছ ট্ৰেজেডীৰ পিচতেই বিশাখাপট্টনম পলিমাৰ প্লান্টৰ স্বত্বাধিকাৰী কোম্পানী এল জি কেমে এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে । সেই অনুসৰি, কোম্পানীটোৱে দক্ষিণ কোৰিয়ালৈ বুলি পলিমাৰ প্লান্টৰ পৰা মাৰাত্মক ষ্টেৰিন মন'মাৰ নিজ দেশলৈ নিয়াৰ ব্যৱস্থা কৰিছে । সাগৰীয় পথেৰে ইতিমধ্যে এই কাম আৰম্ভ কৰিছে কোম্পানীটোৱে । অৱশ্যে এই ঘটনাৰ বলি হোৱা লোকসকলৰ সাহাৰ্যৰ বাবে এল জি পলিমাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও উল্লেখ কৰিছে ।

অঞ্চলটোৰ সুৰক্ষাৰ বাবেই কোম্পানীটোৱে এইদৰে তাত থকা মাৰাত্মক গেছবিধ নিজ দেশলৈ নিয়াৰ ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে সমগ্ৰ অঞ্চলটো ছীল কৰি তাৰ সুৰক্ষা নিশ্চিত কৰা হৈছে বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰিছে কোম্পানীটোৱে । ১১জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়া বিশাখাপট্টনম গেছ ট্ৰেজেডীৰ অনুসন্ধান কৰিবলৈ কোম্পানীটোৱে ছিউলৰ পৰা এটা ৮জনীয়া অনুসন্ধানকাৰী দল প্ৰেৰণ কৰিছে । আনহাতে কোম্পানীটোৱে গঠন কৰি দিয়া এটা টাক্স ফৰ্ছে ইতিমধ্যে বিশাখাপট্টনমত কাম কৰি আছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.