ETV Bharat / bharat

ভিজাগ গেছ নিৰ্গমন : এলজি-ৰ CEOক উচ্চ ন্যায়ালয়ৰ জামিন

author img

By

Published : Aug 5, 2020, 11:56 AM IST

অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে এলজি পলিমাৰ উদ্যোগৰ মুৰব্বীসহ অন্য অভিযুক্তসকলক জামিনত মুকলি কৰাৰ ৰায়দান কৰিছে ৷ দেশ জোকাৰি যোৱা বিশাখাপট্টনমৰ ভিজাগৰ গেছ লিক কাণ্ডত জড়িত অভিযুক্তসকলৰ প্ৰতি ন্যায়ালয়ে প্ৰদান কৰা এই ৰায়ৰ প্ৰতি আৰম্ভ হৈছে চৰ্চা ৷ উল্লেখ্য যে,উক্ত গেছ লিক কাণ্ডত 12 গৰাকী লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছিল শতাধিক লোক ৷

Vizag gas leak HC grants bail to LG Polymers CEO other accused Etv Bharat news
ভিজাগ গেছ লিক: এলজি-ৰ মুৰব্বীক উচ্চ ন্যায়ালয়ৰ জামিন

বিশাখাপট্টনম,5 আগষ্ট: অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে মঙলবাৰে এলজি পলিমাৰ উদ্যোগৰ মুৰব্বী সুনকে জেয়ংগ, সঞ্চালক ডিএছ কিম, অতিৰিক্ত সঞ্চালক মোহন ৰাও সহ অন্যান্য আঠগৰাকী অভিযুক্তক জামিনত মুকলি কৰি দিয়ে ৷ উক্ত ব্যক্তি কেইগৰাকী দেশ জোকাৰি যোৱা বিশাখাপট্টনমৰ ভিজাগৰ গেছ লিক কাণ্ডত জড়িতৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল ৷

ইয়াৰ পূৰ্বে বিগত জুলাই মাহত আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, কোম্পানীটোৰ মুৰব্বী সহিতে অন্যান্য 12 গৰাকী অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ 5 আগষ্টলৈকে বৃদ্ধি কৰা হৈছিল ৷ বিগত 7 মে’ত সংঘটিত দেশ জোকাৰি যোৱা উক্ত গেছ লিক কাণ্ডত 12 গৰাকী লোকে কৰুণ মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে আহত হৈছিল প্ৰায় শতাধিক লোক ৷ ইয়াৰ পিছতে কোম্পানীটোৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এক গোচৰ ৷ ভিজাগ গেছ লিক কাণ্ডৰ দুমাহ পিছত,নীৰভ কুমাৰ প্ৰসাদৰ নেতৃত্বাধীন উচ্চস্তৰীয় বিচাৰপীঠে জুলাই মাহত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাইএছ জগনমোহন ৰেড্ডীক ৰায়দানৰ প্ৰতিলিপি চমজাই দিছিল ৷

এই ঘটনাৰ পিছতে অন্ধ্ৰপ্ৰদেশ চৰকাৰে ৰাজ্যখনৰ প্ৰতিটো উদ্যোগৰ প্ৰয়োজনীয় নীতি-নিয়মসমূহ মানি চলিছেনে নাই তাক নিৰীক্ষণ কৰাৰ বাবে গঠন কৰিছিল এক বিশেষ কমিটি ৷ এই কমিটিৰ ওপৰত উদ্যোগসমূহে সুৰক্ষা সম্পৰ্কীয় সকলো প্ৰকাৰৰ প্ৰট’কল বা নিৰ্দেশনা মানিছেনে নাই তাক পৰ্যবেক্ষণ কৰাৰ দায়িত্ব ন্যস্ত আছিল ৷

লগতে চাওকঃ ভূমি পূজনৰ বাবে অযোধ্যালৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.