কাশ্মীৰ,15 জুন: উত্তৰ কাশ্মীৰৰ সোপোৰ গাঁও পঞ্চায়তত এগৰাকী মহিলা মুৰব্বীৰ অপহৰণৰ ভাইৰেল ভিডিঅ’ই ইতিমধ্যে লাভ কৰিছে ব্যাপক চৰ্চা ৷ পঞ্চায়তৰ মুৰব্বী মহিলাগৰাকীক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰাৰ পিছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হয় ভিডিঅ’টো ৷ ভিডিঅ’টোত মহিলাগৰাকীয়ে অপৰাধীৰ ওচৰত হাতযোৰ কৰি ভৱিষ্যতে ৰাজনৈতিক ক্ষেত্ৰখন ত্যাগ কৰাৰ লগতে গাঁৱৰ মুৰব্বী পদৰ পৰা অব্যাহতি লোৱাৰ শপত খাই ক্ষমা বিচৰাৰ দৃশ্য বন্দী হৈছে ৷
"মই এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছোৱালী, যাৰ বাবে পৰিয়ালৰ পৰিচৰ্যা কৰিছিলো বুলি মহিলাগৰাকীয়ে সন্ত্ৰাসবাদীৰ ওচৰত শিৰ নত কৰে" ৷ মহিলাগৰাকীৰ ফোনত মজুত থকা আৰক্ষীৰ ফোন নম্বৰৰ সন্দৰ্ভতো প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰে সন্ত্ৰাসবাদীয়ে ৷ তাৰ উত্তৰত মহিলাগৰাকীয়ে বাসগৃহৰ সমীপৰ আৰক্ষী থানাৰ নম্বৰ থকাৰ কথা স্বীকাৰ কৰে ৷ সন্ত্ৰাসবাদীসকলে মহিলাগৰাকীক এখন পদত্যাগ পত্ৰ প্ৰস্তুত কৰি ভৱিষ্যতে এনে ভুল নোহোৱাৰ কঠোৰ সকীয়নি প্ৰদান কৰে ৷ সন্ত্ৰাসবাদীসকলে মহিলাগৰাকীক ভগ্নীৰ দৰে জ্ঞান কৰি ক্ষমা আবেদন মঞ্জুৰ কৰাৰ কথা প্ৰকাশ কৰাৰ বিপৰীতে মহিলাগৰাকীয়ে দলটোৰ আগত হাত যোৰ কৰি কান্দি কান্দি ক্ষমা বিচৰাৰ কথা উল্লেখ কৰে ৷
লগতে চাওকঃ পুত্ৰসহ গ্ৰেপ্তাৰ TDP নেতা প্ৰভাকৰ ৰেড্ডীক