ETV Bharat / bharat

অশ্ৰুসিক্ত নয়নেৰে বিদায় শ্বহীদ সুবোধ ঘোষক - জম্মু -কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা

2017 চনত 23 বছৰ বয়সত সেনা বাহিনীত যোগদান কৰিছিল ঘোষে ৷ যোৱা বছৰৰ নৱেম্বৰ মাহত তেওঁ বিবাহপাশত আৱদ্ধ হোৱাৰ লগতে চলিত বছৰৰ 19 আগষ্টত এটি কন্যা শিশুৰ পিতৃ হৈছিল ৷

শ্বহীদ সেনা জোৱান সুবোধ ঘোষ
অশ্ৰুসিক্ত নয়নেৰে বিদায় শ্বহীদ সুবোধ ঘোষক
author img

By

Published : Nov 16, 2020, 2:29 PM IST

নেশ্যনেল ডেস্ক, 16 নৱেম্বৰ : জম্মু -কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘাৰ ফলত প্ৰাণ হেৰুওৱা শ্বহীদ সেনা জোৱান সুবোধ ঘোষৰ মৃতদেহ দেওবাৰে নিশা আহি উপস্থিত হয় পশ্চিম বংগৰ নাডিয়া জিলাৰ নিজ বাসগৃহত ৷

উল্লেখ্য যে, শুকুৰবাৰে নিয়ন্ত্ৰণৰেখাৰ গুৰেজ আৰু উৰি ছেক্টৰৰ মাজত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘাৰ ফলত প্ৰাণ হেৰুৱাইছিল 5 জন প্ৰতিৰক্ষা বাহিনীৰ জোৱানসহ মুঠ 11 জন লোকে ৷ ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাই পাকিস্তানী সেনাৰ আন্তঃগাঁথনিত ব্যাপক ক্ষতি সাধন কৰিছিল ৷

উল্লেখ্য যে, এই যুদ্ধবিৰতি উলংঘাৰ ফলত চাৰি সেনা জোৱান, এজন বিএছএফৰ উপ-পৰিদৰ্শক আৰু ছয়জন নাগৰিকে প্ৰাণ হেৰুৱাইছিল ৷ আৰ্টিলাৰী ৰেজিমেন্টৰ গানাৰ ঘোষ মৃত্যুৰ সময়ত উৰি ছেক্টৰত মোতায়েন হৈ আছিল ৷

2017 চনত 23 বছৰ বয়সত সেনা বাহিনীত যোগদান কৰিছিল ঘোষে ৷ যোৱা বছৰৰ নৱেম্বৰ মাহত তেওঁ বিবাহপাশত আৱদ্ধ হোৱাৰ লগতে চলিত বছৰৰ 19 আগষ্টত এটি কন্যা শিশুৰ পিতৃ হৈছিল ৷

তেওঁৰ পত্নী অনিন্দিতাই স্বামীৰ মৃত্যু সম্পৰ্কত কয়, "তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিল যে, আমাৰ তিনিমহীয়া কন্যাৰ অন্ন প্ৰাসন্নৰ সময়ত তেওঁ ঘৰলৈ আহিব ৷ কিন্তু মোৰ জীৱনত সকলো শেষ হৈছে ৷"

অশ্ৰুসিক্ত নয়নেৰে বিদায় শ্বহীদ সুবোধ ঘোষক

আনহাতে, দিপাৱলীত শোকৰ ছাঁত ডুব যোৱা ৰঘুনাথপুৰ গাঁৱৰ ৰাইজে ভাৰতীয় সেনাৰ জয়ধ্বনি দিয়ে ৷ ইয়াৰ পাচতে নিশাৰ ভাগত অশ্ৰুসিক্ত নয়নেৰে সুবোধ ঘোষৰ মৃতদেহৰ অন্তিম সৎকাৰ কৰা হয় ৷ ঘোষৰ মৃতদেহৰ সৈতে ৰঘুনাথপুৰ গাঁৱত উপস্থিত হোৱা জোৱানসকলে গান ছেল্যুটেৰে শেষ সন্মান জনায় ৷

ঘোষৰ পৰিয়াল আৰু গাঁওবাসীয়ে মৃত জোৱানজনৰ নামত এটা স্থানীয় পথৰ নামাকৰণ কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক : ৰাজস্থানত 'শান্তি প্ৰতিমা' উন্মোচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.