ETV Bharat / bharat

বিকাশ ডুবেৰ জীৱনক লৈ লিখা কিতাপ আৰু ছবিৰ বিৰোধিতা পত্নীৰ - ৰিচা ডুবে

2020 বৰ্ষৰ 10 জুলাইত আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হোৱা উত্তৰ প্ৰদেশৰ প্ৰখ্যাত গেংগষ্টাৰ বিকাশ ডুবেৰ জীৱনক লৈ নিৰ্মাণ হ’বলগীয়া বায়’পিক আৰু প্ৰকাশ পোৱা কিতাপৰ বিৰোধিতা পত্নী ৰিচা ডুবেৰ ৷ অধিবক্তাৰ যোগেদি কিতাপখনৰ লেখক আৰু ছবি নিৰ্মাতাক আইনীভাৱে জাননী প্ৰেৰণ কৰিছে ৰিচাই ৷

Vikas Dubeys wife objects to book, film on his life
বিকাশ ডুবেৰ জীৱনক লৈ লিখা কিতাপ আৰু ছবিৰ বিৰোধিতা পত্নীৰ
author img

By

Published : Jan 17, 2021, 4:46 PM IST

নেশ্যনেল ডেস্ক,17 জানুৱাৰী : বিগত বৰ্ষত আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হোৱা উত্তৰ প্ৰদেশৰ প্ৰখ্যাত গেংগষ্টাৰ বিকাশ ডুবেৰ জীৱনৰ আধাৰত লিখা এখন কিতাপ আৰু নিৰ্মাণ হ’বলগীয়া এখন ছবিৰ বিৰোধিতা কৰিছে পত্নী ৰিচা ডুবেই ৷ কিতাপখনৰ লেখক আৰু ছবি নিৰ্মাতাক আইনীভাৱে জাননী প্ৰেৰণ কৰে বিকাশ ডুবেৰ পত্নীয়ে ৷

আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হোৱা গেংগষ্টাৰ বিকাশ ডুবে আৰু তেওঁৰ সহযোগীৰ হত্যাকাণ্ডৰ সৈতে জড়িত যিকোনো সামগ্ৰীৰ নিষিদ্ধকৰণ হোৱাতো বিচাৰিছে পত্নী ৰিচাই ৷ উল্লেখ্য যে, 2020 বৰ্ষৰ 10 জুলাইত মধ্যপ্ৰদেশৰ পৰা আটক কৰাৰ পাচত বিকাশ ডুবেক হত্যা কৰিছিল আৰক্ষীয়ে ৷

পত্নী ৰিচাই তেওঁৰ অধিবক্তাযোগে জাননী প্ৰেৰণ কৰি কয় যে, যদি তেওঁ সাত দিনৰ ভিতৰত সন্তোষজনক উত্তৰ নাপায়, তেন্তে তেওঁ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব । এই বিষয়ত ৰিচাৰ অধিবক্তাইও কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ হস্তক্ষেপ বিচাৰিছে ৷

উক্ত ঘটনাৰ ওপৰত নিৰ্মিত কিতাপ আৰু ছবিয়ে বিকাশ ডুবেৰ পৰিয়ালত বেয়া প্ৰভাৱ পেলাব পাৰে বুলি মন্তব্য কৰে ৰিচাৰ অধিবক্তাই ৷ অধিবক্তা প্ৰভা শংকৰ মিশ্ৰা আৰু ঋষভ ৰাজে জনোৱা মতে, মৃদুল কপিল নামৰ এজন লোকে ‘ম্যে কানপুৰৱালা’ নামৰ এখন কিতাপ লিখিছিল আৰু এই কিতাপখনক ছবি আকাৰত দেখুওৱাৰ যো-জা চলি আছে ৷

ইতিমধ্যে ‘হানক’ নামৰ এই ছবিখনৰ বিভিন্ন স্থানত দৃশ্যগ্ৰহণৰ কাম চলি আছে ৷ অধিবক্তাই জনোৱা মতে, বিকাশ ডুবেৰ বায়’পিকখনে সংবিধানৰ 21 অনুচ্ছেদ অৰ্থাৎ গোপনীয়তাৰ অধিকাৰ উলংঘন কৰিছে ৷

লগতে পঢ়ক : চিল্কা হ্ৰদত ডলফিনৰ জৰীপ আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.