ETV Bharat / bharat

ভূমিস্খলনৰ ফলত বন্ধ হ'ল ৭নং ৰাষ্ট্ৰীয় ঘাইপথ

author img

By

Published : Aug 16, 2020, 9:26 PM IST

উত্তৰাখণ্ডৰ চামেলিৰ বহুকেইটা অঞ্চলত সংঘটিত ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে অঞ্চলটোৰে পাৰ হৈ যোৱা ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ বদ্ৰীনাথ হাইৱে, কৰ্ণপ্ৰয়াগ, বলডোদা আৰু লাম্বগড়ত পথচোৱা মুকলি কৰিবৰ বাবে ইতিমধ্যে কাম আৰম্ভ কৰা হৈছে ।

Uttarakhand: NH7 blocked in Chamoli due to landslide
ভূমিস্খলনৰ বাবে উত্তৰাখণ্ডৰ চমেলিত বন্ধ হ'ল ৭নং ৰাষ্ট্ৰীয় ঘাইপথ

নিউজ ডেস্ক,১৬ আগষ্ট: দেওবাৰে দুপৰীয়া হোৱা ভূমিস্খলনৰ ফলত চমেলি জিলাৰ গৌচৰৰ সমীপত ৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো আবদ্ধ হৈ পৰা পৰিলক্ষিত হয় । ফলত ঘাইপথটোৰে চলাচল কৰি থকা যান বাহন সমূহে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে । অৱশ্যে ভূমিস্খলনত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই ।

ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ বদ্ৰীনাথ হাইৱে, কৰ্ণপ্ৰয়াগ, বলডোদা আৰু লাম্বগড়ত পথচোৱা মুকলি কৰিবৰ বাবে ইতিমধ্যে কাম আৰম্ভ কৰা হৈছে । বিৰতিৰ অন্তৰে অন্তৰে হৈ থকা বৰষুণৰ ফলত হোৱা ভূমিস্খলনে স্থানীয় লোকসকলৰ জীৱনলৈকো কঢ়িয়াই আনিছে ভাবুকি । বৰষুণৰ ফলত পাহাৰ খহি হোৱা ভূমিস্খলনে বদ্ৰীনাথ ৰাজমাৰ্গটো পুতি পেলোৱাৰ ফলত স্তব্ধ হৈ পৰিছে ঘাইপথটো ।

চমেলিৰ জিলা উপায়ুক্ত স্বাতী এচ ভদোৰিয়াই জানিব দিয়া মতে, হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে জিলাখনৰ বহুকেইটা পথ বন্ধ হৈ পৰিছে ।

উল্লেখ্য যে, উত্তৰাখণ্ডৰ বহুকেইটা অঞ্চলত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সাধাৰণ জনজীৱন ব্যাঘাট হোৱাৰ লগতে নদীসমূহৰ জলস্তৰ বৃদ্ধিৰ সমান্তৰালকৈ হোৱা ভূমিস্খলনে অধিক ভাবুকি কঢ়িয়াই আনিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.