ETV Bharat / bharat

কোৱাৰেন্টাইন কেন্দ্ৰত থকা ৰোগীৰ আত্মহত্যা

author img

By

Published : Jul 5, 2020, 6:39 PM IST

উত্তৰ প্ৰদেশৰ ৰামপুৰ চহৰত দেওবাৰে এটা তিনি মহলীয়া কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা এগৰাকী ৩৩ বছৰীয়া কোভিড সন্দেহজনক ৰোগীয়ে আত্মহত্যা কৰাৰ খবৰ আহি পৰিছে । চিকিৎসক ডা৹ সুবোধ কুমাৰৰ মতে, ব্যক্তি গৰাকীৰ মাতৃ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিচতে তেওঁক সন্দেহজনকভাবে কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছিল ।

uttar-pradesh-covid-19-suspect-dies-after-falling-from-roof-of-quarantine-centre-in-rampur

নিউজ ডেস্ক, ৫ জুলাই : উত্তৰ প্ৰদেশৰ ৰামপুৰ চহৰত দেওবাৰে এটা তিনি মহলীয়া কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা এগৰাকী ৩৩ বছৰীয়া কোভিড সন্দেহজনক ৰোগীয়ে আত্মহত্যা কৰাৰ খবৰ আহি পৰিছে ।

চিকিৎসক ডা৹ সুবোধ কুমাৰৰ মতে, ব্যক্তি গৰাকীৰ মাতৃ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিচতে তেওঁক সন্দেহজনকভাবে কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছিল বুলি জানিবলৈ দিয়ে ।

তথ্য অনুসৰি, মহিলা গৰাকীৰ কোভিড-১৯ পজিটিভ পোৱাৰ পিচতে দুই সন্তানক উক্ত কেন্দ্ৰটোত ৰখা হৈছিল । দুই পুত্ৰৰ এজনৰ সুৰাৰ প্ৰতি আসক্তি থকাৰ বাবেই বিৰক্তি অনুভৱ কৰি ছাদৰ ওপৰত গৈ তাৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল ।

তেওঁ আৰু জনোৱা অনুসৰি, দুৰ্ঘটনাটোৰ পিচতে ব্যক্তি গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পুৱা ৫ বজাত তেখেতৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা অনুসৰি, ৰাজ্যখনত বৰ্তমানলৈ ৭৬২৭ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে আৰু ৭৭৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.