ETV Bharat / bharat

সুষমা স্বৰাজ আছিল এগৰাকী ভাল বান্ধৱী : মাইক পম্পেই - Sushma Swaraj

সুষমা স্বৰাজৰ মৃত্যুত মাৰ্কিন গৃহ সচিব মাইক পম্পেইৰ শোক প্ৰকাশ ৷

সুষমা স্বৰাজৰ মৃত্যুত মাৰ্কিন গৃহ সচিব মাইক পম্পেই শোক প্ৰকাশ
author img

By

Published : Aug 8, 2019, 10:10 AM IST

নিউজ ডেক্স, 8 আগষ্ট : এগৰাকী বন্ধু আৰু শক্তিশালী সহযোগী আখ্যা দি সুষমা স্বৰাজৰ মৃত্যুত আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহ সচিব মাইক পম্পেৰ শোক প্ৰকাশ ৷ বুধবাৰে এক টুইত যোগে মাৰ্কিন গৃহ সচিব গৰাকীয়ে কয়
" মোৰ বন্ধু তথা ভাৰতবৰ্ষৰ প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ মৃত্যুত মৰ্মাহত হৈছো ৷ তেওঁ এগৰাকী শক্তিশালী সহযোগী আছিল যিয়ে এখন শক্তিশালী গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ পৃথিৱী গঢ়াত বিশ্বাস কৰিছিল ৷ তেওঁৰ পৰিয়াল আৰু ভাৰতবৰ্ষৰ জনগণক আমাৰ সমবেদনা" ৷

etv bharat assam
সুষমা স্বৰাজ এগৰাকী ভাল বান্ধৱী আছিল : মাইক পম্পেই
উল্লেখযোগ্য যে, ভাৰতীয় জনতা পাৰ্টীৰ শক্তিশালী মহিলা মুখ হিচাপে পৰিচিত দেশৰ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী সুষমা স্বৰাজে যোৱা 6 আগষ্টত শেষ নিশ্বাস ত্যাগ কৰে ৷ ইতিমধ্যে বুধবাৰে উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, প্ৰধান মন্ত্ৰী মোদী সহিতে বহু ৰাজনৈতিক নেতাৰ উপস্থিতিত ৰাষ্ট্ৰীয় মৰ্যদাৰে স্বৰাজৰ শেষকৃত সম্পন্ন কৰা হয় ৷ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ সৰলতা আৰু সক্ৰিয়তাৰ বাবে সকলোৰে মাজত জনপ্ৰিয় আছিল ৷ দৈনিক ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ মাজতো তেওঁ সদায় জনসাধাৰণৰ বাবে উপলব্ধ আছিল ৷ বিদেশ মন্ত্ৰী হৈ থকা কালছোৱাতো তেওঁ সকলো প্ৰকাৰে দেশবাসীক সহায় কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছিল ৷

Intro:Body:

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড় আৰক্ষীয়ে চাৰিজনকৈ আলফা স্বাধীনৰ সদস্যক আটক কৰিছে । আটকাধীন সদস্য কেইজন হৈছে কনক পেগু, চয়নিকা কামাং, কবিতা কামাং আৰু দেৱজ্যোতি দুৱৰা । ইয়াৰে কনক পেগু ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পাতালৰ কৰ্মচাৰী বুলিও জানিব পৰা গৈছে । আনহাতে, চয়নিকা কামাং হৈছে বোকাখাত আৰোহন একাডেমিৰ শিক্ষয়ত্ৰী আৰু চয়নিকাৰ ভগ্নী কবিতা কামাং ডিব্ৰুগড়ৰ এখন শিক্ষানুষ্ঠানৰ ছাত্ৰী । ডিব্ৰুগড় আৰক্ষীয়ে গোলাঘাট আৰক্ষীৰ সৈতে অভিযান চলাই বিভিন্ন স্থানৰ পৰা এই চাৰিজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে আলফাৰ এখন পতাকা, 7 টা মোবাইল, মাওঁবাদী সম্পৰ্কীয় এখন কিতাপ । মুখ্যমন্ত্ৰীৰ গৃহজিলাত এইদৰে স্বাধীনতা দিৱসৰ প্ৰাক - ক্ষণত আলফা স্বাধীনৰ সদস্যই বাহৰ পাতি থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.