ETV Bharat / bharat

Howdy Modi সমাৱেশঃ চীন আৰু পাকিস্তানলৈ শক্তিশালী বাৰ্তা ডনাল্ড ট্ৰাম্পৰ - চীনৰ প্ৰতিৰক্ষা বাহিনী

22 ছেপ্টেম্বৰত হাষ্টন চহৰত অনুষ্ঠিত হ'ব লগা "Howdy Modi" সমাৱেশত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ অংশগ্ৰহণৰ সিদ্ধান্তই তোলপাৰ লগাইছে পাকিস্তান আৰু চীনৰ বৈদেশিক নীতিত ৷

চীন আৰু পাকিস্তানলৈ শক্তিশালী বাৰ্তা ডনাল্ড ট্ৰাম্পৰ
author img

By

Published : Sep 22, 2019, 3:19 AM IST

নিউজ ডেক্স, 22 ছেপ্টেম্বৰঃ তিনি দিনৰ পূৰ্ৱে হোৱাইট হাউচৰ মুখপাত্ৰ গৰাকীয়ে 22 ছেপ্টেম্বৰত হাষ্টন চহৰত অনুষ্ঠিত হ'ব লগা "Howdy Modi" সমাৱেশত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই পাকিস্তান আৰু চীনৰ কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছে ৷ পাকিস্তানৰ একাংশ সংবাদ মাধ্যমে ট্ৰাম্পৰ এই সিদ্ধান্তক সমালোচনা কৰি কয় যে, আমেৰিকাই এই সিদ্ধান্তৰ জৰিয়তে ভাৰত আৰু আমেৰিকাৰ কূটনৈতিক সম্পৰ্কই নতুনকৈ স্থাপন হোৱাৰ কথাকে বুজাবলৈ চেষ্টা কৰিছে ৷ আমেৰিকাৰ ইতিহাসত পোন প্ৰথম বাৰৰ বাবে এজন ৰাষ্ট্ৰপতিয়ে অন্য এখন ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীৰ সমাৱেশত অংশগ্ৰহণ কৰিব ৷ এনেকুৱা এটা সিদ্ধান্ত নিশ্চিতভাৱে বৈদেশিক নীতিৰ ক্ষেত্ৰত গভীৰ আলোচনাৰ পাছতহে গ্ৰহণ কৰা হয় ৷

2020 চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডনাল্ড ট্ৰাম্পে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও সঠিকভাৱে ক'ব নোৱাৰি ৷ ইয়াৰ বাবে ট্ৰাম্পৰ এই সিদ্ধান্তৰ নেপথ্যত থকা পটভূমিৰ গুৰুত্ব বিচাৰ কৰাটো প্ৰয়োজন ৷ দক্ষিণ চীন সাগৰত চীনৰ বাঢ়ি অহা কৌশলগত আধিপত্যই দেশখনে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি অনেক দেশৰ বৈধ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে ৷ চীনে দক্ষিণ চীন সাগৰৰ এক বৃহৎ অংশ দাবী কৰাৰ লগতে ভিয়েটনাম আৰু ফিলিপাইন আদি দেশৰ বহুতো সৰু সৰু দ্বীপপুঞ্জও নিজৰ বুলি দাবী কৰি আহিছে ৷ আনকি চীনে দক্ষিণ চীন সাগৰৰ আন্তৰ্জাতিক সামুদ্ৰিক সীমাৰেখাৰো বৃহৎ অংশ দাবী কৰি আহিছে ৷ আনহাতে বজাৰ দখলৰ ক্ষেত্ৰতো চীন আৰু আমেৰিকাৰ মাজত যুদ্ধ চলি আছে ৷ চীনে আমেৰিকাৰ বৌদ্ধিক সম্পত্তি চুৰি কৰি কোটি কোটি ডলাৰ প্ৰস্তুত কৰিছে বুলিও আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অভিযোগ উত্থাপন কৰিছে ৷ কেৱল এয়াই নহয়, ট্ৰাম্পে চীনত কৰ্মৰত সকলো আমেৰিকান প্ৰতিষ্ঠানক তেওঁলোকৰ ব্যৱসায় বন্ধ কৰিবলৈ আৰু অন্য দেশলৈ ৰাওনা হ'বলৈ আহ্বান জনাইছে ৷ একেসময়তে চীনা নৌ-সেনাই প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰত চলাই থকা কাম-কাজ সমূহো আমেৰিকা, জাপান, অষ্ট্ৰেলিয়া আৰু ভাৰতৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে ৷ এনে প্ৰেক্ষাপটত আমেৰিকাৰ প্ৰতিৰক্ষা বাহিনীয়ে ভাৰত - প্ৰশান্ত সামুদ্ৰিক নিৰাপত্তাৰ বাবে এটা নতুন ধাৰণা অৱলম্বন কৰাৰ চেষ্টা কৰিছে য'ত চীনৰ প্ৰতিৰক্ষা বাহিনীক মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতৰ নৌ সেনাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকিব ৷ আমেৰিকা, ভাৰত, জাপান আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা বাৰ্ষিক প্ৰতিৰক্ষা অনুশীলনত এই কথা সমূহেও গুৰুত্ব পোৱাটো উচিত ৷ কিন্তু আমেৰিকাৰ লগত ভাৰত বাঢ়ি অহা ঘনিষ্ঠতাই চীন আৰু ভাৰত মাজৰ কূটনৈতিক সম্পৰ্কত কোনো প্ৰভাৱ নেপেলাই বুলি ভাৰতৰ বৈদেশিক নীতিয়ে ক'ব বিচাৰে ৷ কিন্তু জম্মু কাশ্মীৰ পুনৰ গঠন সন্দৰ্ভত চীনে মুকলিকৈ পাকিস্তানৰ পক্ষ গ্ৰহণ কৰাত ভাৰত আৰু চীনৰ সম্পৰ্কৰ ক্ষেত্ৰত পৰিবৰ্তন আহি পৰিছে ৷ এই ক্ষেত্ৰত বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰৰ মন্তব্য গুৰুত্বপূৰ্ণ ৷ তেওঁ কয় যে, বাণিজ্যিক ভাৰসাম্যতা ৰক্ষাৰ বাবে চলা বাণিজ্যিক যুদ্ধৰ ইতিবাচক দিশ থাকিব পাৰে ৷ চীনলৈ ভাৰতৰ প্ৰত্যক্ষ বাৰ্তা যে বাণিজ্য আৰু অন্য বিষয় সমূহত পাৰস্পৰিক সহযোগিতা বৰ্তমান কমি আহিছে ৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, ভাৰতে চীন বিৰোধী কোনো প্ৰতিৰক্ষা গোষ্ঠীৰ সৈতে মিলিত হৈছে ৷ একে সময়তে "Howdy Modi" সমাৱেশত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ অংশগ্ৰহণৰ সিদ্ধান্তই চীনৰ বাণিজ্যিক আৰু সামৰিক শক্তি দুৰ্বল কৰাৰ বাবে আমেৰিকাই কৌশল অৱলম্বন কৰাটো স্পষ্ট কৰি তুলিছে আৰু ভাৰতক এই ক্ষেত্ৰত শক্তিশালী মিত্ৰ হিচাপে লোৱাটোও স্পষ্ট কৰে ৷

বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰেক্ষাপটত চীন আৰু পাকিস্তানক একে মাতৃৰ সন্তান হিচাপে দেখিবলৈ পোৱা যায় ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত জম্মু কাশ্মীৰ প্ৰসংগত চীনে পাকিস্তানক জনোৱা সমৰ্থনে ভাৰত-চীন সম্পৰ্কত প্ৰত্যক্ষ ভাৱে আঘাত সানে ৷ অনুচ্ছেদ 370 আৰু 35(ক) বাতিল কৰাৰ পাচত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিভিন্ন ধৰণে প্ৰচাৰ চলাইছিল যদিও চীন আৰু তুৰ্কীৰ বাহিৰে এন্য কোনো দেশে ভাৰতৰ সিদ্ধান্তৰ বিৰোধীতা কৰা দেখা নগ'ল ৷ আমেৰিকাৰ চৰকাৰে জম্মু কাশ্মীৰৰ বিষয়তো ভাৰতৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয় বুলি মন্তব্য কৰে ৷ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে জম্মু কাশ্মীৰ প্ৰসংগত মধ্যস্থতাৰ ভূমিকাৰ পালন কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক সন্তুষ্ট কৰাৰ চেষ্টা কৰিছিল যদিও ভাৰতে এই ক্ষেত্ৰত তৎক্ষণাত নিৰপেক্ষ ভূমিকা পালন কৰিছিল ৷ এতিয়া Howdy Modi" সমাৱেশত ডনাল্ড ট্ৰাম্পে অংশগ্ৰহণ কৰি আমেৰিকাই পাকিস্তানলৈ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে যে জম্মু কাশ্মীৰ প্ৰসংগত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে চলোৱা প্ৰচাৰক আমেৰিকাই কেতিয়াই সমৰ্থন নকৰে ৷ ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ ক্ষেত্ৰত পাকিস্তান গুৰুত্বপূৰ্ণ নহয় ৷ পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে যোৱা এক মাহে ভাৰতক যি পাৰমাণৱিক বোমাৰ ভাবুকি প্ৰদান কৰিছিল এই ভাবুকিৰ জৰিয়তে পাকিস্তান যে এখন দায়িত্বজ্ঞানহীন দেশ এই কথাহে প্ৰমাণ কৰিলে বুলি আমেৰিকান চৰকাৰে ক'ব বিচাৰে ৷ আনহাতে আফগানিস্তানৰ বিষয়টোৰ ক্ষেত্ৰত পাকিস্তান আমেৰিকাৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ আফগান আৰু তালিবানৰ মাজৰ আলোচনাৰ শেষ মুহূৰ্তত তেওঁলোকৰ ওপৰত সামৰিক আৰু কূটনৈতিক চাপ বৃদ্ধিৰ বাবে আমেৰিকাই পাকিস্তানক হেঁচা প্ৰয়োগ কৰিছে ৷ এনে পৰিস্থিতিত পাকিস্তানে বুজি উঠিছে যে, জম্মু কাশ্মীৰ সন্দৰ্ভত আমেৰিকাই কোনো ধৰণৰ হস্তক্ষেপ নিবিচাৰে ৷ ট্ৰাম্পৰ মধ্যস্থতাৰ কৌশলটো কেৱল প্ৰদৰ্শনৰ বাবেহে আছিল ৷ Howdy Modi সমাৱেশত ডনাল্ড ট্ৰাম্পৰ অংশগ্ৰহণৰ সিদ্ধান্তই ভাৰত - আমেৰিকাৰ সম্পৰ্ক পাকিস্তানৰ পৰা সম্পূৰ্ণ মুক্ত হোৱাটো স্পষ্ট কৰি দিছে ৷

Intro:Body:

article

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.