নিউজ ডেস্ক, 7 ডিচেম্বৰঃ ক্ৰমাৎ ধৰ্ষণ নগৰীলৈ পৰিণত হৈছে উত্তৰ প্ৰদেশ ৷ সমগ্ৰ ৰাজ্যক জোঁকাৰি গৈছে ইটোৰ পিছত সিটো ধৰ্ষণ কাণ্ডই ৷ বিগত এঘাৰ মাহত ৰাজ্যখনৰ উন্নাওতেই সংঘটিত হৈছে প্ৰায় 86 টাকৈ ধৰ্ষণকাণ্ড ৷ উন্নাও ধৰ্ষণকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই বুলন্দচহৰ জিলাত পুনৰ এগৰাকী 15 বছৰীয়া কিশোৰী বলি হয় দলবদ্ধ ধৰ্ষণৰ ৷
ঘটনাতো সংঘটিত হোৱাৰ চাৰিদিন পিছতহে পোহৰলৈ আহে ৷ আৰক্ষীয়ে উক্ত ঘটনাত জড়িত 3 জন নাবালক সহিতে 4 জন অভিযুক্তক আটক কৰে ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, অভিযুক্ত কেইজনে ধৰ্ষণ সংঘটিত কৰাৰ সময়ত ঘটনাতো ৰেকৰ্ডিং কৰি পিছত ছ’চিয়েল মিডিয়াত আপলোড কৰে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, ভুক্তভোগী কিশোৰী গৰাকীয়ে পাচলি আনিবলৈ পথাৰলৈ যোৱাৰ সময়তে নাবালক কেইজনে জিলাখনৰ পাহাচু এলেকালৈ নি দুষ্কাৰ্য সংঘটিত কৰে ৷ কিশোৰাগৰাকীৰ খুড়াকৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে শুক্ৰবাৰে অভিযুক্ত কেইজনক আটক কৰে ৷ কিশোৰী গৰাকীয়ে তিনিদিন মৌনভাৱে আছিল যদিও ধৰ্ষণৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতহে মুখ খোলে ৷
লগতে চাওকঃবিয়াখন মাৰোৱাৰী সম্প্ৰদায়ৰ; কিন্তু পিন্ধনত সম্পূৰ্ণ পৰম্পৰাগত অসমীয়া সাজ-পাৰ