ETV Bharat / bharat

আলিগড়ত দাউ-দাউকৈ জ্বলি উঠিল এখন বিমান - বিমান দুৰ্ঘটনা নিউজ

মঙলবাৰে উত্তৰ-প্ৰদেশত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা ৷ আলিগড়ৰ ঘানিপুৰ অঞ্চলত অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হোৱা বিমানখন জ্বলি ছাই হৈ যায় ৷ দুৰ্ঘটনাটোৰ সময়ত বিমানখনত ছগৰাকী লোক আছিল যদিও স্থানীয় লোকৰ তৎপৰতাত সুকলমে উদ্ধাৰ হয় লোককেইজন ৷

আলিগড় বিমান দুৰ্ঘটনা শেহতীয়া খবৰ
author img

By

Published : Aug 27, 2019, 7:57 PM IST

নিউজ ডেস্ক, 27 আগষ্টঃ মঙলবাৰে উত্তৰ প্ৰদেশৰ আলিগড়ত সংঘটিত হয় বিমান দুৰ্ঘটনা ৷ ব্যক্তিগত খণ্ডৰ VT-AVV নামৰ প্ৰশিক্ষনত ব্যৱহাৰ কৰা বিমানখন ঘানিপুৰ বিমানবন্দৰত অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাত পতিত হোৱা বিমানখনত মূহুৰ্ততে জুইৰ লেলিহান শিখাই আৱৰি ধৰে ৷ সৌভাগ্যক্ৰমে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিমানখনত থকা ছগৰাকীকৈ বিমানকৰ্মী তথা যাত্ৰীৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দলে ৷

আলিগড়ত দাউ-দাউকৈ জ্বলি উঠিল এখন বিমান

নতুন দিল্লীৰ পৰা আলিগড়লৈ আহি থকা অৱস্থাতে ঘানিপুৰ বিমানবন্দৰত অৱতৰণৰ সময়ত মঙলবাৰে দিনৰ ভাগত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোৰ ফলত বিমানখনত থকা বিমানকৰ্মী তথা যাত্ৰীসকলে সাধাৰণ আঘাত লাভ কৰাৰ লগতে তেওঁলোকক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাস্থলীত স্থানীয় জিলা ন্যায়াধীশ ৰাকেশ কুমাৰে ততালিকে উপস্থিত হৈ উদ্ধাৰকাৰ্যত নিয়োজিত অগ্নিনিৰ্বাপক বাহিনীক সহায় কৰে ৷ ঘটনাৰ বাবে ইতিমধ্যে এক তদন্তৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷ আনহাতে কি কাৰণে অৱতৰণৰ সময়ত বিমানখন দুৰ্ঘটনাত পতিত হ'ল সেয়া বৰ্তমান সময়লৈকে পোহৰলৈ অহা নাই ৷

Intro:Body:

A trainer aircraft VT-AVV crashes at Aligarh Dhanipur airstrip, no injuries reported.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.