ETV Bharat / bharat

কাশ্মীৰ সমস্যা সমাধানৰ আহ্বান নিৰাপত্তা পৰিষদৰ

author img

By

Published : Oct 2, 2019, 5:08 PM IST

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষ জেৰি মেথিউজ মৈটীজিলাই জম্মু-কাশ্মীৰ সমস্যাক লৈ নিজৰ মত প্ৰকাশ কৰিছে ৷ অনাগত ভৱিষ্যতে কাশ্মীৰ সমস্যাক লৈ নিৰাপত্তা পৰিষদ কোনো উমৈহতীয়া সিদ্ধান্তত উপনীত হোৱাতো পৰিলক্ষিত হোৱা নাই ৷ গতিকে শীঘ্ৰেই নিৰাপত্তা পৰিষদে কাশ্মীৰক লৈ এক উমৈহতীয়া সিদ্ধান্তত উপনীত হ'ব লাগে বুলি মত প্ৰকাশ কৰে নিৰাপত্তা পৰিষদৰ অধ্যক্ষগৰাকীয়ে ৷

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষ জেৰি মেথিউজ মৈটীজিলা

নিউজ ডেস্ক, 2 অক্টোবৰঃ ৰাষ্ট্ৰসংঘৰ মজিয়াত বৰ্তমানেও অব্যাহত আছে জম্মু-কাশ্মীৰ সমস্যাৰ আলোচনা ৷ মঙলবাৰে অনুষ্ঠিত হোৱা এক সভাত নিৰাপত্তা পৰিষদৰ অধ্যক্ষ জেৰি মেথিউজ মৈটীজিলাই জম্মু-কাশ্মীৰ সমস্যাক লৈ নিজৰ মত প্ৰকাশ কৰে ৷ বিগত আগষ্ট মাহৰ 16 তাৰিখে জম্মু-কাশ্মীৰ সমস্যাক লৈ চীনে আহ্বান জনোৱা সভাত কোনো উমৈহতীয়া সিদ্ধান্তত উপনীত হ'বলৈ সক্ষম হোৱা নাছিল নিৰাপত্তা পৰিষদ ৷ ভৱিষ্যতেও কাশ্মীৰ সমস্যাক লৈ নিৰাপত্তা পৰিষদ কোনো উমৈহতীয়া সিদ্ধান্তত উপনীত হোৱাতো পৰিলক্ষিত হোৱা নাই ৷ সেয়েহে শীঘ্ৰেই নিৰাপত্তা পৰিষদক কাশ্মীৰ সমস্যাক লৈ এক উমৈহতীয়া সিদ্ধান্তত উপনীত হ'বলৈ আহ্বান জনায় ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষগৰাকীয়ে ৷

ছিমলা চুক্তিৰ অধীনত ভাৰত-পাকিস্তানৰ মাজৰ দীৰ্ঘদিনীয়া কাশ্মীৰ সমস্যা সমাধান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি অধ্যক্ষগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে ভাৰতত কৰ্মৰত সময়ৰ কথাও উল্লেখ কৰে ৷ 1995 আৰু 1997 চনৰ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি নেলচন মেণ্ডেলাৰ ভাৰত ভ্ৰমণৰ সময়ত জম্মু-কাশ্মীৰ সমস্যা সন্দৰ্ভত হোৱা আলোচনাৰ প্ৰসংগও উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষ হিচাপে মই যি কৰিব লাগে কৰিছো কিন্তু শেষত সমগ্ৰ পৰিষদেই সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব ৷ সেয়েহে শীঘ্ৰেই জম্মু-কাশ্মীৰ সন্দৰ্ভত নিৰাপত্তা পৰিষদে এক উমৈহতীয়া সিদ্ধান্তত উপনীত হ'ব লাগে বুলি মন্তব্য কৰে নিৰাপত্তা পৰিষদৰ অধ্যক্ষ জেৰি মেথিউজ মৈটীজিলাই ৷

ছিমলা চুক্তিত ভাৰতৰ হৈ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ হৈ ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টোই হস্তাক্ষৰ কৰিছিল আৰু চুক্তিখনত কাশ্মীৰ সমস্যাক লৈ কোনো তৃতীয় পক্ষৰ কথা উল্লেখ নাছিল ৷ ছিমলা চুক্তি সম্পাদন হোৱাৰ সময়ত ভাৰতত উপস্থিত আছিল বৰ্তমানৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষগৰাকী ৷ সেইফালৰ পৰাই কাশ্মীৰ সমস্যা ভাৰত-পাকিস্তানৰ মাজৰ দ্বিপাক্ষিক সমস্যাক সমাধান কৰিবলৈ কোনো তৃতীয় শক্তিৰ প্ৰয়োজন নাই যদিও বিশ্বশান্তিৰ বাবেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে দুয়োখন দেশক সহযোগ কৰি দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ বাবে বাট মোকলাই দিয়াৰ কথা স্বীকাৰ কৰে নিৰাপত্তা পৰিষদৰ অধ্যক্ষ জেৰি মেথিউজ মৈটীজিলাই ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.