ETV Bharat / bharat

বিৰোধীয়ে কৃষক আন্দোলনক ৰাজনীতিকৰণ কৰিছে : গজেন্দ্ৰ সিং শেখাৱট - বিচ্ছিন্নতাবাদী

কৃষকৰ বিক্ষোভ সম্পূৰ্ণ ৰাজনৈতিক আৰু চৰকাৰে এই সমস্যা সমাধানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ বহুকেইটা বিচ্ছিন্নতাবাদী সংগঠনে কৃষকৰ আন্দোলনক উদ্গনি যোগাইছে আৰু সেয়ে এই আন্দোলন সম্পূৰ্ণৰূপে ৰাজনৈতিক হৈ পৰিছে ৷ পোখৰাণত উপস্থিত হৈ এই মন্তব্য কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ ৷

Union Cabinet Minister Gajendra Singh Shekhawat

author img

By

Published : Jan 9, 2021, 10:09 AM IST

Updated : Jan 9, 2021, 10:28 AM IST

নেশ্যনেল ডেস্ক, 9 জানুৱাৰী : কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী তথা যোধপুৰ লোকসভা সমষ্টিৰ সাংসদ গজেন্দ্ৰ সিং শেখাৱটে শুকুৰবাৰে পোখৰাণৰ নিউক্লিয়াৰ চিটি ভ্ৰমণ কৰে ৷ প্ৰাক্তন বিধায়ক চৈতন শিঙৰ নেতৃত্বত বিজেপি কৰ্মীৰ এটা দলে উষ্ম আদৰণি জনায় ৷ চৈতন সিং ৰাথোৰৰ আবাসত কৰ্ম-কৰ্তাসকলৰ সৈতে মিলিত হৈ শেখাৱটে তেওঁলোকৰ সমস্যাৰ বুজ লয় ৷

বিৰোধীয়ে কৃষক আন্দোলনক ৰাজনীতিকৰণ কৰিছে : গজেন্দ্ৰ সিং শেখাৱট

সংবাদ মাধ্যমৰ আগত শেখাৱটে কয় যে, কৃষকৰ বিক্ষোভ সম্পূৰ্ণ ৰাজনৈতিক আৰু চৰকাৰে এই সমস্যা সমাধানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে চৰকাৰে এই বিষয়ত কৃষকৰ সৈতে অষ্টম লানি বৈঠকত মিলিত হৈছে আৰু সকলো বিষয় সন্দৰ্ভত কৃষকক সচেতন কৰা হৈছে ৷ ইয়াৰ লগতে তেওঁ কয় যে, কৃষক সংগঠন সমূহে কৃষি আইনখন অধ্যয়ন কৰাৰ পাচত ইয়াৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ৷

আনহাতে, বহুকেইটা বিচ্ছিন্নতাবাদী সংগঠনে কৃষকৰ আন্দোলনক উদ্গনি যোগাইছে আৰু সেয়ে এই আন্দোলন সম্পূৰ্ণৰূপে ৰাজনৈতিক হৈ পৰিছে বুলিও উল্লেখ কৰে গজেন্দ্ৰ সিং শেখাৱটে ৷ একে সময়তে লাঠি অঞ্চলত হনী ট্ৰেপিঙৰ গোচৰত আৰ এছ এছৰ কৰ্মী ধৰা পৰা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, যিয়েই দেশক প্ৰতাৰণা কৰে তাৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্তা গ্ৰহণ কৰা হ’ব ৷ কিন্তু এই বিষয় সংক্ৰান্তত বৰ্তমানেও তদন্ত অব্যাহত আছে বুলি জনায় শেখাৱটে ৷ তেওঁ আশা প্ৰকাশ কৰে যে, তদন্তৰ অন্তত সত্যৰ ভিত্তিত আইনে ব্যৱস্থা গ্ৰহণ কৰিব ৷

লগতে পঢ়ক : তিনি বছৰৰ বাবে জেললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা : চিত্তৰঞ্জন বসুমতাৰী

Last Updated : Jan 9, 2021, 10:28 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.