নেশ্যনেল ডেস্ক, ১ জানুৱাৰী: মহাৰাষ্ট্ৰ আৰক্ষী সঞ্চালক প্ৰধান সুবোধ জেইশ্যালে কেন্দ্ৰীয় প্ৰতিনিধি মণ্ডললৈ যোৱাক দুৰ্ভাগ্যজনক আখ্যা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী তথা বিধানসভাৰ বিৰোধী নেতা দেবেন্দ্ৰ ফাড়নাবিশৰ । বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত ফাড়নাবিশে এই সন্দৰ্ভত মন্তব্য কৰে যে এইটো এটা অতিকৈ দুৰ্ভাগ্যজনক কথা যে তেওঁৰ নিচিনা এগৰাকী সুদক্ষ বিষয়াই কেন্দ্ৰীয় প্ৰতিনিধি মণ্ডলত যোগদান কৰিবলগীয়া হৈছে । তেওঁ এগৰাকী যথেষ্ঠ ভাল আৰক্ষী বিষয়া হৈও এনেদৰে যাবলগীয়া হৈছে ।
শাসনাধীন চৰকাৰখনে জেইশ্যালৰ ওপৰত ধাৰাবাহিকভাৱে হেঁচা প্ৰদান কৰাৰ ফলত হতাশাত ভুগি এনে পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে । নিশ্চয়কৈ ই এক দুৰ্ভাগ্যজনক কথা । যদিও গৃহ বিভাগৰ অধীনষ্ঠ মহাৰাষ্ট্ৰ আৰক্ষী,তথাপিও তেওঁলোকক হেঁচা প্ৰয়োগ নকৰি স্বাধীনভাৱে কাম কৰিবলৈ দিব লাগে । মহা বিকাশ আঘাড়ী চৰকাৰে আৰক্ষী বিভাগত হস্তক্ষেপ প্ৰদান কৰি আৰু জেইশ্যালক বিশ্বাসত নোলোৱাৰ বাবেই আৰক্ষী সঞ্চালকগৰাকীয়ে এইদৰে কেন্দ্ৰীয় প্ৰতিনিধি মণ্ডললৈ যোৱাত মহাৰাষ্ট্ৰ চৰকাৰ দায়ী বুলি অভিযোগ উত্থাপন কৰিছে ফাড়নাবিশে ।
উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ আৰক্ষী সঞ্চালক প্ৰধান সুবোধ জেইশ্যাল ডি জি চি আই এচ এফত নিযুক্ত হৈছে । নৱেম্বৰ মাহত তেওঁক কেন্দ্ৰীয় প্ৰতিনিধি মণ্ডলত নিযুক্তিৰ মঞ্জুৰী দিয়া হৈছিল ।