নিউজ ডেস্ক, ৫ এপ্ৰিলঃ আমেৰিকা যুক্তৰাষ্ট্ৰাত কৰ'ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তেই ভাৰতৰ পৰা সহায় বিচাৰিলে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷ শনিবাৰে মোডীৰ সৈতে হোৱা এক বাৰ্তালাপত আমেৰিকাৰ বাবে মেলেৰিয়া ৰোগত ব্য়ৱহৃত "Hydroxycholoroquine" প্ৰতিষেধক দিয়াৰ আহ্বান জনালে ড'নাল্ড ট্ৰাম্পে । অৱশ্যে শেহতীয়াকৈ ভাৰতে এই প্ৰতিষেধক ৰপ্তানীৰ ক্ষেত্ৰত নিষেধজ্ঞা জাৰি কৰিছিল ।
হোৱাইট হাউছৰ এক সন্মিলনত মোডীৰ সৈতে ফোনত হোৱা বাৰ্তালাপৰ কথা উল্লেখ কৰি ট্ৰাম্প কয় যে, ভাৰতে অত্য়াধিক হাৰত উৎপাদন কৰে মেলেৰীয়া ৰোগত ব্যৱহৃত হোৱা Hydroxycholoroquine নামৰ ঔষধবিধ । এই সন্দৰ্ভত ভাৰত চৰকাৰে গুৰুত্ব সহকাৰে চিন্তা কৰিব বুলি জানিবলৈ দিছে ।
ট্ৰাম্পে লগতে কয় যে, আমেৰিকাৰ নিৰ্দেশৰ প্ৰতি যদি ভাৰতে সহাৰি জনায় তেন্তে সংকটৰ সময়ত ভাৰতৰ এই মহানুভৱতাক শলাগ ল'ব । অৱশ্যে মাৰ্কিন যুক্তৰাষ্ট্ৰই ভাৰতৰ পৰা কিমান পৰিমাণৰ এই প্ৰতিষেধক বিচাৰিছে সেই তথ্য় ৰাজহুৱা কৰা হোৱা নাই ।
উল্লেখ্য় যে, ভাৰতৰ বৈদেশীক বাণিজ্যৰ মহা নিৰ্দেশকে যোৱা ২৫ মাৰ্চত Hydroxycholoroquine ঔষধৰ ৰপ্তানীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল । অৱশ্য মানৱীয় দৃষ্টিভংগীৰে প্ৰয়োজন সাপেক্ষে অনুমতি দিয়া হ'ব বুলি উল্লেখ কৰিছিল ।
আমেৰিকাত বৰ্তমানলৈকে কৰ'ণা ভাইৰাছৰ প্ৰায় ৩ লাখ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে প্ৰায় ৮০০০ লোকৰ । আনহাতে বৰ্তমানলৈকে এই ভাইৰাছৰ ফলত বিশ্বত ৬৪ হাজাৰতকৈ অধিক লোকক মৃত্যুমুখত পৰিছে । প্ৰায় ১.২ মিলিয়ন লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে ।
প্ৰাৰম্ভিক পৰ্যায়ত Hydroxycholoroquine প্ৰতিষেধকে কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক হিচাপে সুফল দেখুৱালৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে । যাৰ বাবে ভাৰতৰ পৰা এই প্ৰতিষেধকৰ ৰপ্তানিৰ বাবে আহ্বান জনাইছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ।
লগতে চাওক- মিত্ৰ পাকিস্তানলৈ চীনে পঠিয়ালে অন্তৰ্বাসেৰে প্ৰস্তুত কৰা মাস্ক !