ETV Bharat / bharat

ত্ৰিপুৰাত গ্ৰেপ্তাৰ জামাত-উল-মুজাহিদীনৰ সদস্য - ইটিভি অসম

মঙলবাৰে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাজিৰ শ্বেখ ওৰফে নাজিৰ এচ কে নামৰ সদস্য দুজনক।

etv bharat
author img

By

Published : Mar 6, 2019, 11:50 AM IST

নিউজ ডেস্ক, ৬ মাৰ্চ : জামাত-উল-মুজাহিদীনৰ লগত সম্পৰ্ক থকাৰ অভিযোগত ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজনক। মঙলবাৰে গোপনসূত্ৰৰ পম খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাজিৰ শ্বেখ ওৰফে নাজিৰ এচ কে নামৰ লোকজনক।

ত্ৰিপুৰা আৰক্ষীৰ সঞ্চালক প্ৰধান অখিল কুমাৰে প্ৰকাশ কৰা অনুসৰি, দীৰ্ঘদিন ধৰি চোৰাংচোৱাই নাজিৰ শ্বেখৰ অনুসন্ধান উলিওৱাত ব্যস্ত আছিল । মুৰশ্বিদাবাদৰ নিবাসী নাজিৰ শ্বেখ পেচাত এগৰাকী আই ই ডি বিশেষজ্ঞ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। বাংলাদেশৰ জামাত-উল-মুজাহিদীন নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে লগ লাগি বোমা নিৰ্মাণ কৰাৰ প্ৰশিক্ষণ লাভ কৰিছিল নাজিৰ শ্বেখে ।

উল্লেখ্য যে, জামাত-উল-মুজাহিদীন নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ কূটাঘাতৰ বলি হৈ ২০১৫ চনত বাংলাদেশত মৃত্যুক সাৱটি লৈছিল ৬৩ জন নাগৰিকে। ভাৰততো এই সন্ত্ৰাসবাদী সংগঠনটোৱে সদস্য ভৰ্তিকৰণৰ দ্বাৰা কূটাঘাতৰ পৰিকল্পনা ৰচনা কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

Tripura police arrest IED expert having links with Jamaat-ul-Mujahideen Bangladesh

ত্ৰিপুৰাত গ্ৰেপ্তাৰ জামাত-উল-মুজাহিদীনৰ সদস্য

নিউজ ডেস্ক, ৬ মাৰ্চ : জামাত-উল-মুজাহিদীনৰ লগত সম্পৰ্ক থকাৰ অভিযোগত ত্ৰিপুৰা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এজন ব্যক্তি। মঙলবাৰে গুপ্তচৰ সূত্ৰৰ পম খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাজিৰ শ্বেখ ওৰফে নাজিৰ এচ কে নামৰ ব্যক্তিজনক। 

ত্ৰিপুৰা আৰক্ষীৰ সঞ্চালক প্ৰধান অখিল কুমাৰে প্ৰকাশ কৰা অনুসৰি, দীৰ্ঘদিন ধৰি গুপ্তচৰ সূত্ৰই নাজিৰ শ্বেখৰ অনুসন্ধান উলিওৱাত ব্যস্ত হৈ আছিল । মুৰশ্বিদাবাদৰ নিবাসী নাজিৰ শ্বেখ পেচাত এগৰাকী  আই ই ডি বিশেষজ্ঞ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। বাংলাদেশৰ জামাত-এ-মুজাহিদীন নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে লগ লাগি বোমা নিৰ্মাণ কৰাৰ প্ৰশিক্ষণ লাভ কৰিছিল নাজিৰ শ্বেখে । 

উল্লেখ্য যে, জামাত-এ-মুজাহিদীন নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ কূটাঘাতৰ বলি হৈ ২০১৫ চনত বাংলাদেশত মৃত্যুক সাৱটি লৈছিল ৬৩ জন নাগৰিকে। ভাৰততো এই সন্ত্ৰাসবাদী সংগঠনটোৱে সদস্য ভৰ্তিকৰণৰ দ্বাৰা কূটাঘাতৰ পৰিকল্পনা ৰচনা কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। 
dgpmarch5_te9x6Nz.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.