ETV Bharat / bharat

উত্তৰ-পূৱ পৰিষদৰ পূৰ্ণাংগ অধিৱেশনলৈ ৰাওনা বিপ্লৱ কুমাৰ দেৱ - এন ই চিৰ ৬৯ সংখ্যক পূৰ্ণাংগ অধিৱেশন

উত্তৰ-পূৱ পৰিষদ চমুকৈ এন ই চিৰ ৬৯ সংখ্যক পূৰ্ণাংগ অধিৱেশনলৈ ৰাওনা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ । ত্ৰিপুৰাৰ উন্নয়ন বিকাশৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰি বিত্তীয় পুঁজিৰ বাবে এই অধিৱেশনত আলোচনা কৰিব বুলি আশা কৰা হৈছে ।

এন ই চি পূৰ্ণাংগ অধিৱেশনলৈ ৰাওনা বিপ্লৱ কুমাৰ দেৱ

author img

By

Published : Jan 23, 2021, 11:54 AM IST

নিউজ ডেস্ক, ২৩ জানুৱাৰী : উত্তৰ-পূৱ পৰিষদ চমুকৈ এন ই চিৰ ৬৯ সংখ্যক পূৰ্ণাংগ অধিৱেশনত ভাগ লোৱাৰ উদ্দেশ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে শ্বিলঙলৈ ৰাওনা হয় । এই অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থকাৰ সম্ভাৱনা কৰা হৈছে । ত্ৰিপুৰাৰ উন্নয়ন বিকাশৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰি বিত্তীয় পুঁজিৰ বাবে এই অধিৱেশনত আলোচনা কৰিব বুলি আশা কৰা হৈছে ।

বৰ্তমান সময়ত কেন্দ্ৰীয় পৃষ্ঠপোষক আঁচনি চমুকৈ চি এচ এচ আৰু চি এ এচ পি আঁচনিৰ বাবে বিত্তীয় পুঁজি ৯০:১০ । বিশ্বজুৰি অতিমাৰী কৰ'ণা ভাইৰাছৰ কালচোৱাত এখন সৰু ৰাজ্য ত্ৰিপুৰাৰ বাবে এই আঁচনি ৰূপায়ণ কৰিবলৈ কিছু কঠিন হৈ পৰিছে । ইয়াৰ বাবে বিপ্লৱ কুমাৰ দেৱে আলোচনা কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।

বহিৰাগত সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ বাবে উত্তৰ-পূৱৰ ৰাজ্যসমূহে ২০ শতাংশ ঋণৰ বোজা পৰিশোধ কৰিব লাগে আৰু বাকী ৮০ শতাংশ ঋণ হিচাপে আগবঢ়োৱা হয় । ইতিমধ্যে এই সন্দৰ্ভত উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক এই পুঁজি আৱন্টনৰ বাবে অনুৰোধ জনাইছে ।

২০১৬-১৭ চনৰ পৰা ২০২১-২১ চনলৈ ত্ৰিপুৰাত মুঠ ৫.৭ শতাংশ আৱন্টন কৰা হৈছে । এন ই চিয়ে ৰাজ্য চৰকাৰৰ ১০ টা প্ৰকল্পৰ তিনিটা প্ৰকল্প অনুমোদন জনাইছে । ৰাজ্যখনৰ অৰ্থব্যৱস্থা পুনৰোজ্জীৱিত কৰি তুলিবলৈ বিপ্লৱ কুমাৰ দেৱে অৱশিষ্ট সাতটা প্ৰকল্পৰ এন ই চিৰ অনুমোদনৰ বাবে আলোচনা কৰিব । ইয়াৰ ন্যূনতম ব্যয় প্ৰায় ৮৬ কোটি টকা । ইয়াৰোপৰি বিপ্লৱ কুমাৰ দেৱে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিব ।

মন কৰিবলগীয়া যে, ২০১৭-১৮ চনত ৩৯০.৬৮ কোটি টকাৰ বাণিজ্যিক মাত্ৰা আছিল কিন্তু ২০১৯-২০ চনত ইয়াৰ পৰিমাণ পাঁচ গুণলৈ বৃদ্ধি হয় । ইফালে অতিমাৰী সংকট কালচোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক আত্মনিৰ্ভৰশীল ভাৰত হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ বাঁহৰ উপযোগিতাৰে অভিনৱ পদক্ষেপ গ্ৰহণ কৰে । উল্লেখ্য যে, মূলী বেম্ব' কুকিজ উৎপাজন কৰা প্ৰথম ৰাজ্য হৈছে ত্ৰিপুৰা ।

লগতে পঢ়ক: অৰুণাচলৰ উজনি সোৱণশিৰিৰ পিচত এইবাৰ টাৱাঙত চীনৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.