ETV Bharat / bharat

কেৰালা বিমান দুৰ্ঘটনা : প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিৰ লগতে বিভিন্ন জনৰ শোক প্ৰকাশ

author img

By

Published : Aug 8, 2020, 4:50 AM IST

কেৰালাৰ কোঝিকোডেত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰা আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়েও বিমান দুৰ্ঘটনাত পতিত সকললৈ জনাইছে গভীৰ সমবেদনা ৷

'Tragic, painful moment
'Tragic, painful moment

নিউজ ডেস্ক, 8 আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুকুৰবাৰে কেৰালাৰ কোঝিকোডেত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে ৷ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ নিজৰ টুইটাৰ একাউন্টৰ দ্বাৰা এটি শোকবাৰ্তা টুইট কৰি মোডীয়ে কয় যে, কোজিকোডে বিমান দুৰ্ঘটনাই মৰ্মাহত কৰিছে ৷ যি সকলে নিজৰ প্ৰিয়জনক হেৰুৱাইছে, তেওঁলোকলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলৰ শীঘ্ৰে আৰোগ্য হোৱাটো কামনা কৰে মোডীয়ে ৷ ইয়াৰ লগতে ভুক্তভোগীসকলক যাৱতীয় সকলো সা-সুবিধা প্ৰদান কৰা হ’ব বুলি জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

  • Pained by the plane accident in Kozhikode. My thoughts are with those who lost their loved ones. May the injured recover at the earliest. Spoke to Kerala CM @vijayanpinarayi Ji regarding the situation. Authorities are at the spot, providing all assistance to the affected.

    — Narendra Modi (@narendramodi) August 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও ঘটনা সন্দৰ্ভত কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানৰ সৈতে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয় ৷ নিজৰ টুইটাৰত কোবিন্দে প্ৰকাশ কৰে য়ে, কোঝিকোডেত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ খবৰে অতিশয় দুঃখিত কৰিছে ৷ ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

  • Deeply distressed to hear about the tragic plane crash of Air India Express flight at Kozhikode, Kerala. Spoke to @KeralaGovernor Shri Arif Mohammed Khan and inquired about the situation. Thoughts and prayers with affected passengers, crew members and their families.

    — President of India (@rashtrapatibhvn) August 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাইও এই শোকাৱহ বিমান দুৰ্ঘটনা সন্দৰ্ভত গভীৰ দুখ প্ৰকাশ কৰে ৷ নিজৰ শোকবাৰ্তাত তেওঁ এই বিমান দুৰ্ঘটনাত পতিত সকল আৰু তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জনায় ৷

  • My heart goes out to the crew and passengers of the Air India plane that has crashed in Calicut and to their families. Our prayers are with you at this tragic and painful moment.

    — Priyanka Gandhi Vadra (@priyankagandhi) August 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়েও এই বিমান দুৰ্ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰে ৷ টুইটাৰযোগে এক শোকবাৰ্তা প্ৰকাশ কৰি আহত সকলৰ আশুআৰোগ্য কামনা কৰে ৰাহুল গান্ধীয়ে ৷

  • Shocked at the devastating news of the plane mishap in Kozhikode. Deepest condolences to the friends and family of those who died in this accident. Prayers for the speedy recovery of the injured.

    — Rahul Gandhi (@RahulGandhi) August 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয়মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে জনায় যে, এয়াৰ ইণ্ডিয়া, ভাৰতীয় বিমান সেৱা প্ৰাধিকৰণ আৰু বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থা(AAIB)ই দ্বিস্তৰীয় তদন্তৰ বাবে শনিবাৰে কোঝিকোডেত উপস্থিত হ’ব ৷

  • Deeply anguished & distressed at the air accident in Kozhikode.

    The @FlyWithIX flight number AXB-1344 on its way from Dubai to Kozhikode with 191 persons on board, overshot the runway in rainy conditions & went down 35 ft. into a slope before breaking up into two pieces.

    — Hardeep Singh Puri (@HardeepSPuri) August 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

অতিকমেও 18 গৰাকী বিমান যাত্ৰী এই ভয়াৱহ বিমান দুৰ্ঘটনাটোত নিহত হৈছে ৷ ডুবাইৰ পৰা অহাৰ এয়াৰ ইণ্ডিয়াৰ বিমানখনত আছিল 190 গৰাকী যাত্ৰী ৷ নিহত সকলৰ ভিতৰত দুগৰাকী পাইলটো আছে ৷ কেৰালাৰ কোঝিকোডেৰ কাৰিপুৰ বন্দৰত দুৰ্ঘটনাত পতিত হৈছিল বিমানখন ৷ দুৰ্ঘটনাত পতিত বিমানখনৰ আছিল এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ IX-1344 ৷

লগতে পঢ়ক : কেৰালাত বিমান দুৰ্ঘটনাত 18 জন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.