ETV Bharat / bharat

দহখন ৰাজ্যৰ 54টা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন

author img

By

Published : Nov 3, 2020, 10:46 AM IST

সমগ্ৰ দেশৰ দহখন ৰাজ্যত আজি অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷ মধ্যপ্ৰদেশ, উত্তৰপ্ৰদেশ, গুজৰাট, কৰ্নাটক, তেলেংগানা, নাগালেণ্ড, উৰিশ্যা, হাৰিয়ানা, ছত্তিশগড় আৰু ঝাৰখণ্ডত চলি আছে বিধানসভাৰ উপ-নিৰ্বাচন ৷

দহখন ৰাজ্যৰ 54টা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন
দহখন ৰাজ্যৰ 54টা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন

নিউজ ডেস্ক, 3 নৱেম্বৰ : দেশৰ দহখনকৈ প্ৰদেশত আজি চলি আছে উপ-নিৰ্বাচন ৷ সম্পূৰ্ণ কোভিড-নীতি মানি চলি দহখনকৈ ৰাজ্যই শান্তিপূৰ্ণভাৱে আৰু সজাগতাৰে অনুষ্ঠিত কৰিছে উপ-নিৰ্বাচন ৷ সৰ্বমুঠ 54টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ৷ ইয়াৰ ভিতৰত মধ্যপ্ৰদেশত সৰ্বাধিক 28খন আসনত প্ৰতিদ্বন্দিতা হৈছে আৰু ইয়াত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তুমুল প্ৰতিদ্বন্দিতা হৈছে ৷

কোভিড-19 মহামাৰীৰ মাজতেই উপ-নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগে স্বাস্থ্যগত সকলো দিশৰ প্ৰতি বিশেষ নজৰ ৰাখি নিৰ্বাচন অনুষ্ঠিত কৰিছে ৷ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ভোটাৰৰ সংখ্যা 1600ৰ পৰা 1000লৈ হ্ৰাস কৰাকে ধৰি থাৰ্মেল স্ক্ৰীণিং, ছেনিটাইজাৰ, সামাজিক দুৰত্ব আৰু মাস্ক বাধ্যতামুলক কৰি দিয়া হৈছে ৷

লগতে পঢ়ক : ৰঙাপৰা আৰু শিৱসাগৰত নহয় উপ-নিৰ্বাচন

মধ্যপ্ৰদেশ, উত্তৰপ্ৰদেশ, গুজৰাট, কৰ্নাটক, তেলেংগানা, নাগালেণ্ড, উৰিশ্যা, ঝাৰখণ্ড, ছত্তিশগড় আৰু ঝাৰখণ্ডত অনুষ্ঠিত হৈছে বিধানসভাৰ উপ-নিৰ্বাচন ৷ ইয়াৰ ভিতৰত ছত্তিশগড়, ঝাৰখণ্ড আৰু নাগালেণ্ডক বাদ দি বাকীবোৰ ৰাজ্যত ৰাতিপুৱা 7 বজাৰ পৰাই ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ কোভিড-19 আক্ৰান্ত ভোটাৰৰ বাবে সকলোকেইখন ৰাজ্যতেই পৃথক ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে ৷

মধ্যপ্ৰদেশত সৰ্বাধিক 28টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটদান ৷ উপ-নিৰ্বাচনৰ ভিতৰত মধ্যপ্ৰদেশতেই সকলোৰে দৃষ্টি নিৱদ্ধ হৈ থাকিব ৷ কিয়নো আজিৰ নিৰ্বাচনে ৰাজ্যখনৰ চৰকাৰ গঠনত বিশেষ ভূমিকা পালন কৰিব ৷ উত্তৰ প্ৰদেশত সাতখনকৈ আসনত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷ সৰ্বমুঠ 88 গৰাকী প্ৰাৰ্থীয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে আৰু ইয়াৰ ভিতৰত সৰ্বাধিক বুলন্দচহৰত 18 গৰাকী প্ৰত্যাশী আছে ৷ গুজৰাটত আঠটা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷ অব্ডছা, লিম্বড়ী, মোৰবী, ধাৰী, গঢ়দা, কৰজন, ডাংগ আৰু কপৰাডা সমষ্টিত ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে চলি আছে ৷ আঠখন আসনত সৰ্বাধিক 81 গৰাকীয়ে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে 900টা ভোটগ্ৰহণ কেন্দ্ৰত 18 লাখ 75 হাজাৰ ভোটাৰে ভোটদান কৰিব ৷ কৰ্ণাটকৰ শ্বীৰা আৰু ৰাজাৰাজেশ্বৰী সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷ দুয়োটা সমষ্টিত 6,78,012 গৰাকী ভোটাৰে প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ধাৰণ কৰিব ৷ আনহাতে তেলেংগানাৰ দুব্বাক সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷ মুঠ 20 গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে যদিও টিআৰএছ, বিজেপি আৰু কংগ্ৰেছৰ মাজতেই মুল যুঁজখন হ'ব ৷ আনহাতে ছত্তিশগড়, হাৰিয়ানা, ঝাৰখণ্ডত এখনকৈ আসন আৰু নাগালেণ্ড তথা উৰিশ্যাত দুখনকৈ আসনত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে ৷

নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা জাননী

দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ 65টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ে বিগত 29 ছেপ্টেম্বৰত দেশৰ নিৰ্বাচনী আয়োগে ঘোষণা কৰিছিল ৷ দেশৰ কেন্দ্ৰীয় জ্যেষ্ঠ মুখ্য সচিব সুমিত মুখাৰ্জীয়ে প্ৰকাশ কৰা এই সূচীখনত দেশৰ 65টা বিধানসভা সমষ্টিৰ ভিতৰত 7টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত নকৰা সিদ্ধান্তৰ বিষয়ে জনাইছিল ৷ ইয়াৰ ভিতৰত অসমৰ 74 নং ৰঙাপৰা আৰু 108 নং শিৱসাগৰ সমষ্টিৰ নামো আছিল ৷ অসমৰ উপৰিও কেৰালা, তামিলনাডু আৰু পশ্চিমবংগৰ 5টা বিধানসভা সমষ্টিৰ বাবেও একেই সিদ্ধান্ত প্ৰকাশ কৰিছিল কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে ৷

লগতে পঢ়ক : মধ্যপ্ৰদেশ আৰু কৰ্ণাটকত অনুষ্ঠিত উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.