নিউজ ডেস্ক,24 ফেব্ৰুৱাৰী : দুদিনীয়া সূচীৰে ভাৰত ভ্ৰমণলৈ অহা মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ ভ্ৰমণসূচীৰ সবিশেষ :
24 ফেব্ৰুৱাৰী :
11.40 মিনিটত আহমেদাবাদত অৱতৰণ কৰিব ট্ৰাম্পৰ বিমান ৷ বিমান বন্দৰত ট্ৰাম্পক আদৰণি জনাবলৈ উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ট্ৰাম্পৰ সৈতে ভাৰতলৈ আহিব পত্নী মেলেনিয়া ট্ৰাম্প আৰু জী-জোঁৱাই ৷ বিমানবন্দৰৰ পৰা পোনে পোনে সৱৰমতী আশ্ৰমলৈ যাব মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প ৷
তাৰ পাচতেই এটা বিশাল সমদলেৰে প্ৰধানমন্ত্ৰী মোডী আৰু ড'নাল্ড ট্ৰাম্প ৰাওনা হ'ব নৱনিৰ্মিত ম'টেৰা ষ্টেডিয়ামলৈ ৷ চৰ্দাৰ বল্লভ ভাই পেটেলৰ নামত উৎসৰ্গিত বিশ্বৰ সৰ্ববৃহৎ ম'টেৰা ষ্টেডিয়ামখন উদ্বোধন কৰিব ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷ এই ষ্টেডিয়ামতে "নমস্তে ট্ৰাম্প" শীৰ্ষক অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকিব লক্ষাধিক জনতা ৷
কাৰ্যসূচী অনুসৰি বিয়লি প্ৰায় 3.30 বজাত লেডী মেলেনিয়া সহিতে আগ্ৰা ভ্ৰমণ কৰিব ট্ৰাম্পে ৷ প্ৰায় এঘন্টা সময় আগ্ৰাত কটাব ট্ৰাম্প দম্পতীয়ে ৷ তাৰ পাচত প্ৰায় 5 বজাত তাজমহলত উপস্থিত হ'ব ড'নাল্ড ট্ৰাম্প ৷ তাৰপৰা দিল্লী অভিমুখে ৰাওনা হ'ব ৰাষ্ট্ৰপতিগৰাকী ৷
25 ফেব্ৰুৱাৰী :
পুৱা 10 বজাত ৰাইশ্বিনা হিলৰ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ'ব ড'নাল্ড ট্ৰাম্প ৷ তাৰ পৰা পোনে পোনে গৈ 10.30 বজাত ৰাজঘাটৰ মহাত্মা গান্ধীৰ সমাধিস্থল দৰ্শন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ 11 বজাত হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বৈঠকত মিলিত হ'ব ড'নাল্ড ট্ৰাম্প ৷ দুপৰীয়া 12.40 মিনিটত দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিব ট্ৰাম্প আৰু মোডীয়ে ৷
ইয়াৰ পাচতেই , উপৰাষ্ট্ৰপতি ভেংকায়া নাইডু আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰৰ সৈতে বৈঠকত মিলিত হ'ব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী ৷ বিয়লি 4.30 বজাত ভাৰতত থকা মাৰ্কিন দূতাবাসৰ বিষয়ববীয়াৰ সৈতে মিলিত হ'ব ট্ৰাম্প ৷ সন্ধিয়া প্ৰায় 7.30 বজাত ৰাষ্ট্ৰপতি ভৱনত ৰামনাথ কোবিন্দৰ সৈতে মিলিত হ'ব ড'নাল্ড ট্ৰাম্প ৷ এই বৈঠকৰ পাচতে নিশা 10 বজাত পুনৰ আমেৰিকা অভিমুখী যাত্ৰা আৰম্ভ হ'ব ট্ৰামবাহিনীৰ ৷
লগতে পঢ়ক : মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণক লৈ হোৱাইট হাউচত আলোচনা চক্ৰ