নিউজ ডেস্ক, 26 মে': এটা ভাইৰেল হৈ পৰা টিকটক ভিডিঅ' ! ভিডিঅ'টোৰ বাবে তীব্ৰ খলকনিৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰক্ষীৰ মাজত । সেই ভিডিঅ'টোত দেখা গৈছিল এজন যুৱকে আৰক্ষীৰ বাহন এখন চলাই আহিছে আৰু ছলমান খানৰ ডাবাং ষ্টাইলত বাহনখনৰ পৰা নামি গৈছে । যুৱক জনক কোনেও বাধা দিয়া অসুবিধাও কৰা নাই কোনেও ।
তথ্য অনুসৰি, ভিডিঅ'টো শ্বুটিং কৰা হৈছিল গাজিয়াবাদৰ বিজয় নগৰ অঞ্চলত । বাহনখনত বা তাৰ আশে-পাশে নাছিল কোনো আৰক্ষীৰ লোক ।
ইতিমধ্যে ঘটনা সম্পৰ্কে গাজিয়াবাদৰ আৰক্ষী অধীক্ষক মনিষ মিশ্ৰই তদন্ত কৰিবলৈ নিৰ্দেশ দিছে । যাৰ দায়িত্বহীনতাৰ বাবে এই ঘটনা হ'বলৈ পালে তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ।