ETV Bharat / bharat

মিজোৰামত পুনৰ ৩ জন লোক আক্ৰান্ত ক'ভিড-১৯ত

মিজোৰামত ২ ফেব্ৰুৱাৰীৰ দিনটোত মুঠ ৭০৪ টা নমুনাৰ পৰীক্ষা কৰা হয় । এই নমুনাৰ ভিতৰত ৩ গৰাকীৰ দেহত ধৰা পৰে ক'ভিড-১৯ৰ অৱস্থিতি ।

মিজোৰামত পুনৰ ৩ জন লোক আক্ৰান্ত ক'ভিড-১৯ত
মিজোৰামত পুনৰ ৩ জন লোক আক্ৰান্ত ক'ভিড-১৯ত
author img

By

Published : Feb 3, 2021, 9:11 PM IST

নিউজ ডেস্ক,৩ ফেব্ৰুৱাৰী : মিজোৰামত ২ ফেব্ৰুৱাৰীৰ দিনটোত পুনৰ ৩ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ৷ মঙলবাৰৰ দিনটোত ৬৮ টা স্বাৱৰ নমুনা পৰীক্ষা কৰিছিল মিজোৰাম চিকিৎসা মহাবিদ্যালয়ৰ আৰটি পিচিআৰ পৰীক্ষাগাৰে ৷ ইয়াৰে সকলো ফলাফল নিগেটিভ হয় ৷ সমান্তৰালকৈ বিভিন্ন জিলাৰ ট্ৰুনেট পৰীক্ষাগাৰসমূহে কৰা ৫১ টা নমুনাৰো এটাও পজিটিভ ধৰা নপৰে ।

মিজোৰামত পুনৰ ৩ জন লোক আক্ৰান্ত ক'ভিড-১৯ত
মিজোৰামত পুনৰ ৩ জন লোক আক্ৰান্ত ক'ভিড-১৯ত

কিন্তু ৫৮৫ টা ৰেপিড এন্টিজেন পৰীক্ষাত ৩ গৰাকী লোকক কৰ'ণা ভাইৰাছত আক্ৰান্ত পোৱা যায়। আক্ৰান্ত কেইগৰাকী পুৰুষ আৰু তেওঁলোকৰ বয়স ক্ৰমে ৩২,২৬ আৰু ২১ বছৰ । ইয়াৰে এগৰাকীৰ দেহত লক্ষণ আছিল যদিও বাকী দুগৰাকীৰ দেহত ক'ভিড-১৯ৰ কোনো লক্ষণ নাছিল । মিজোৰামত ২ ফেব্ৰুৱাৰীৰ দিনটোত মুঠ ৭০৪ টা নমুনাৰ পৰীক্ষা কৰা হয় । ইফালে ৰাজ্যখনত বৰ্তমানলৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে মুঠ ৪৩৭৬ গৰাকী লোক আৰু আৰোগ্য লাভ কৰিছে ৪৩৩৭ গৰাকীয়ে ৷ ইয়াৰ উপৰিও বৰ্তমানলৈকে মিজোৰামত ৩ ফেব্ৰুৱাৰীলৈ কৰ’ণাৰ ৩০ টা সক্ৰিয় ঘটনা আছে ৷

লগতে পঢ়ক:ধেমাজিত গ্ৰাম্য পৰিবহণ আচনিৰ অধীনত বাহনৰ বিতৰণ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.