নিউজ ডেস্ক, ছেপ্তেম্বৰ 2 : মোহন দাস কৰমচাঁদ গান্ধী আৰু তেখেতৰ দৰ্শনে বিশ্বব্যাপী বৃহৎ সংখ্যক লোকক প্ৰভাৱিত কৰিছিল ৷ 1933 চনৰ 2 ডিচেম্বৰত দামোত গান্ধীজীয়ে এটি সমদলৰ সময়ত হৰিজন সেৱক সংঘৰ সহযোগিতাত মধ্যপ্ৰদেশৰ হৰিজন গুৰুদ্বাৰৰ আধাৰশিলা স্থাপন কৰিছিল ৷ গুৰুদ্বাৰৰ বাহিৰত স্থাপিত বাপুৰ প্ৰতিমূৰ্তিয়ে আজিও ভক্তসকলক বাপুৰ উপস্থিতি অনুভৱ কৰাই ৷ স্বাধীনতা আন্দোলনৰ সময়চোৱাত গান্ধীজীয়ে জবলপুৰৰ পৰা দামোলৈ এটা সমদল আৰম্ভ কৰিছিল ৷ ইয়াৰ লগতে তেখেতে বহুকেইখন গাঁৱত বহু জনসভাতো অংশ লৈছিল ৷ দামোত এতিয়াও এনে বহু ঠাই আছে য'ত গান্ধীজী আৰু তেখেতৰ ঐতিহাসিক কাহিনীবোৰ প্ৰতিধ্বনিত হৈ আছে ৷
নব্বৈ উৰ্ধৰ মুক্তিযোদ্ধা খেমচাঁদ বাজাজে কয় যে, 1933 চনৰ 29 অক্টোবৰত গান্ধীজীয়ে দামো আৰু আন তিনিখন ঠাইত জনসভা সম্বোধন কৰিছিল ৷ সেই স্থানত গান্ধীজীৰ স্মৃতিশৌধ হিচাপে মঞ্চ নিৰ্মাণ কৰা হৈছে ৷ দামো ভ্ৰমণ কালত গান্ধীজীয়ে এটি গুজৰাটী পৰিয়ালৰ আতিথ্য গ্ৰহণ কৰিছিল ৷ সেই গৃহটো বৰ্তমানেও আছে যদিও অৱহেলাৰ বাবে পৰিত্যক্ত হৈ ৰৈছে ৷ গান্ধীজী দামোলৈ অহাৰ সময়ত চহৰখনৰ কাপোৰৰ ব্যৱসায়ীসকলে বাপুলৈ সন্মান জনাই সমস্ত পথ কাপোৰেৰে সজ্জিত কৰিছিল ৷ সেইবাবেই গান্ধী চৌকৰ আশে পাশে আজিও বহু সংখ্যক কাপোৰৰ বিপনী দেখিবলৈ পোৱা যায় ৷