ETV Bharat / bharat

ভাড়াঘৰৰ মালিকক তিনিমাহৰ ভাড়া ৰখাই দিবলৈ আহ্বান তেলেংগানা চৰকাৰৰ - তেলেংগানা চৰকাৰৰ ঘৰ ভাড়াক লৈ নিৰ্দেশনা

তেলেংগানা চৰকাৰে ৰাজ্যখনত থকা ভাড়াতীয়া লোকসকলৰ পৰা ভাড়াঘৰৰ মালিকসকলক তিনিমাহৰ দৰমহা ৰখাই থ'বলৈ নিৰ্দেশনা প্ৰদান কৰিছে । মাৰ্চৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী তিনিমাহৰ বাবে এই নিৰ্দেশনা দিয়া হৈছে আৰু লগতে ঘৰ ভাড়াৰ ওপৰত অতিৰিক্ত সুত গ্ৰহণ কৰাটো বাধা আৰোপ কৰিছে চৰকাৰে ।

তিনিমাহৰ ভাড়া ৰখাই দিবলৈ আহ্বান তেলেংগানা চৰকাৰৰ

author img

By

Published : Apr 20, 2020, 9:03 AM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ লকডাউনৰ সময়ছোৱাত ভাড়াতীয়াসকল যাতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে তেলেংগানা চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । দেওবাৰে তেলেংগানা ৰাজ্যিক কেবিনেটে লকডাউন পৰৱৰ্তী ৭ মে'লৈ বঢ়াই দিয়াৰ লগতে, ৰাজ্যখনত থকা ভাড়াতীয়া লোকসকলৰ বাবে এই নিৰ্দেশনা প্ৰদান কৰে ।

লকডাউনৰ সময়ছোৱাত ৰাজ্যখনত ভাড়াঘৰত থকা লোকসকলৰ পৰা তিনিমাহৰ ভাড়া ৰখাই থ'বলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । মাৰ্চৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী তিনিমাহৰ বাবে এই নিৰ্দেশনাটো দেওবাৰে প্ৰদান কৰা হয় । ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে কেবিনেট মিটিঙত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ভাড়া গ্ৰহণ কৰাৰ ক্ষেত্ৰত ভাড়াতীয়াসকল মালিকৰ দ্বাৰা কোনো সমস্যাৰ সন্মুখীন হ'লে ১০০ নম্বৰত ফোন কৰিবলৈ কয় । ইয়াৰ উপৰিও এই তিনিমাহৰ ঘৰভাড়াৰ পৰা কোনো সুত গ্ৰহণ কৰিব নোৱাৰিব ভাড়াঘৰৰ মালিকে ।

ইয়াৰ উপৰিও আান এক সিদ্ধান্তৰ দ্বাৰা ২০২০-২১ শিক্ষাবৰ্ষৰ বাবে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহক মাছুল বৃদ্ধি নকৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে তেলেংগানা চৰকাৰে । বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহ প্ৰতিমাহে কেৱল মাত্ৰ টিউচন মাছুল সংগ্ৰহ কৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে ।

মে' মাহৰ শেষৰ ভাগলৈ সম্পত্তি কৰ ৰখাই থোৱা আৰু বৈদ্যুতিক মাছুল এক নিৰ্ধাৰিত দৰত সংগ্ৰহ কৰিবলৈ কোৱা হৈছে । তেলেংগানা চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তই ৰাজ্যখনত কৰ্মসূত্ৰে থকা লোকসকলৰ বাবে অধিক সুবিধাজনক হ'ব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়কঃ জম্মু-কাশ্মীৰত আৰক্ষী জোৱানক গুলিয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.