ETV Bharat / bharat

তেলেংগানাত COVID-19 ত আক্ৰান্ত টিআৰএছৰ তিনিজনকৈ বিধায়ক

author img

By

Published : Jun 16, 2020, 8:09 AM IST

তেলেংগানাৰ তিনিজনকৈ বিধায়ক আক্ৰান্ত মহামাৰী COVID-19 ত । COVID-19 ত আক্ৰান্ত আটাইকেইজন বিধায়ক তেলেংগানাৰ শক্তিশালী ৰাজনৈতিক দল ৰাষ্ট্ৰ সমিতি তথা টিআৰএছৰ বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ।

তেলেংগানা
তেলেংগানাত COVID-19 ত আক্ৰান্ত টিআৰএছৰ তিনিজনকৈ বিধায়ক

নিউজ ডেস্ক, ১৬ জুনঃ তেলেংগানাৰ ৰাষ্ট্ৰ সমিতি তথা টিআৰএছৰ তিনিজনকৈ বিধায়ক আক্ৰান্ত মহামাৰী কৰ'ণাত । সোমবাৰে এই তথ্য সদৰি কৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ।

নিজামাবাদ চহৰৰ পৰা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰা বিগলা গণেশ গুপ্তাৰ দেহত সোমবাৰে লাভ কৰে COVID-19ৰ উপস্থিতি । তাৰোপৰি তিনিদিন পূৰ্বে জনগাঁৱৰ বিধায়ক মথুৰেড্ডি য়দাগিৰী ৰেড্ডিৰ COVID-19ৰ পৰীক্ষাৰ ৰিপৰ্ট পজিটিভ অহাৰ পাচতে বিধায়ক গৰাকীক ভৰ্তি কৰোৱা হয় হায়দৰাবাদৰ এখন ব্যক্তিগত হাস্পতালত ।

আনহাতে, ১৪ জুনত নিজামাবাদ গ্ৰামীনৰ পৰা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰা বাজিৰেড্ডি গোবৰ্ধনৰ দেহত লাভ কৰে মহামাৰী COVID-19ৰ উপস্থিতি । COVID-19 ত আক্ৰান্ত আটাইকেইজন বিধাকৰ সংস্পৰ্শত অহা ব্যক্তিসকলক চিনাক্ত কৰি কোৱাৰেণ্টাই কৰা হ'ব বুলি সদৰি কৰে তেলেংগানা স্বাস্থ্য বিভাগে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.