ETV Bharat / bharat

অনলাইন শিক্ষাত অসফল হৈ আত্মহত্যা তামিলনাডুৰ ছাত্ৰীৰ

author img

By

Published : Sep 16, 2020, 10:03 PM IST

তামিলনাডুৰ শিৱগংগা জিলাৰ এগৰাকী 15 বৰ্ষীয় ছাত্ৰীয়ে অনলাইন শিক্ষাত অসফল হোৱাৰ বাবে আত্মহত্যাৰ পথ বাছি লয় ৷ দশম শ্ৰেণীৰ ছাত্ৰী সুভিক্ষা এগৰাকী প্ৰখৰ বুদ্ধিৰ ছাত্ৰী আছিল ৷

সুভিক্ষা এগৰাকী প্ৰখৰ বুদ্ধিৰ ছাত্ৰী আছিল
অনলাইন শিক্ষাত অসফল হৈ আত্মহত্যা তামিলনাডুৰ ছাত্ৰীৰ

নেশ্যনেল ডেস্ক, 16 ছেপ্তেম্বৰ : তামিলনাডুৰ শিৱগংগা জিলাৰ এগৰাকী 15 বৰ্ষীয় ছাত্ৰীয়ে অনলাইন শিক্ষাত অসফল হোৱাৰ বাবে আত্মহত্যাৰ পথ বাছি লয় ৷ মুখ্যমন্ত্ৰী এদাপল্লী কে. পালানিস্বামীৰ পৰা পুৰস্কাৰ লাভ কৰিছিল আত্মহত্যাৰ পথ বাছি লোৱা ছাত্ৰীগৰাকীয়ে ৷

দশম শ্ৰেণীৰ ছাত্ৰী সুভিক্ষা এগৰাকী প্ৰখৰ বুদ্ধিৰ ছাত্ৰী হোৱাৰ লগতে বক্তৃতা আৰু ৰচনা লিখা প্ৰতিযোগিতাত বহু পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল বুলি তেওঁৰে এগৰাকী শিক্ষয়িত্ৰীয়ে জানিবলৈ দিয়ে ৷

তেওঁৰ অভিভাৱকে জানিবলৈ দিয়া অনুসৰি,অনলাইন শিক্ষা আয়ত্ব কৰিবলৈ অক্ষম হৈছিল সুভিক্ষা ৷ পৰিয়ালৰ লোকে কয়,"তাই স্কুললৈ যাবলৈ ভাল পাইছিল কিন্তু মহামাৰীৰ বাবে তেওঁ ঘৰতে থাকিব লগা হৈছিল ৷ নতুন পদ্ধতিৰে শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁ অসফল হৈছিল ৷"

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি,প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে জনাই যে,ছাত্ৰীগৰাকী চিন্তিত হৈ পৰিছিল আৰু দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অসফল হ'ব বুলি ধাৰণা কৰি লৈছিল ৷

ঘটনা সম্পৰ্কত থিৰুৱনন্থপুৰম আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ৰিমখিমস্থিত ভাৰতৰ শেষৰটো চেক-পোষ্টলৈ পথ সংযোগৰ বাবে সাজু বিআৰঅ'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.