ETV Bharat / bharat

আজিৰে পৰাই সম্পূৰ্ণ উপস্থিতিৰে পূৰ্ণগতিত কাম কৰিব উচ্চতম ন্যায়ালয়ে

author img

By

Published : Oct 12, 2020, 8:59 AM IST

12 অক্টোবৰৰ পৰা উচ্চতম ন্যায়ালয়ৰ নতুন নিয়ম ৷ 12 খন বিচাৰপীঠৰ 30 গৰাকী ন্যায়াধীশৰ সৈতে পূৰ্ণ গতিত কাম কৰাৰ সিদ্ধান্ত ৷

Supreme Court to work with full strength from today
12 অক্টোবৰৰ পৰা 30 গৰাকী ন্যায়ধীশৰ সৈতে পূৰ্ণ গতিত কাম কৰাৰ সিদ্ধান্ত শীৰ্ষ আদালতৰ

নিউজ ডেস্ক, 12 অক্টোবৰ : মহামান্য উচ্চতম ন্যায়ালয়ে সোমবাৰৰ পৰা 12 খন বিচাৰপীঠ 30 গৰাকী ন্যায়ধীশৰ সৈতে দৈনিক ভিডিঅ' কনফাৰেন্সিঙৰ যোগেৰে কাম আৰম্ভ কৰিব ।

উল্লেখ্য যে, ক'ভিড-19 ৰ বাবে মাৰ্চ মাহৰ পৰাই দৈনিক প্ৰায় 20 টা গোচৰ দুইৰ পৰা তিনিজন ন্যায়াধীশৰ 5 খন বিচাৰপীঠৰ যোগেদি কাম আৰম্ভ কৰিছিল ৷

ন্যায়ালয়ৰ ৱেবছাইটৰ তথ্য অনুসৰি, 12 অক্টোবৰৰ পৰা তিনিজন ন্যায়াধীশ আৰু দুজন একক ন্যায়াধীশৰ 10 খন বিচাৰপীঠে গোচৰ নিষ্পত্তি কৰিবলৈ কাম আৰম্ভ কৰিব ৷

ক'ভিড মহামাৰীৰ বাবে উচ্চতম ন্যায়ালয়ে 23 মাৰ্চৰ পৰাই ভিডিঅ' কনফাৰেন্সৰ যোগেৰে গোচৰৰ শুনানি গ্ৰহণ কৰি আহিছে ৷ কিন্তু সোমবাৰৰ তালিকা অনুসৰি, 8 খন বিচাৰপীঠত তিনিজন ন্যায়াধীশ আৰু আন দুখন বিচাৰপীঠ থাকিব য'ত গোচৰ শুনিবলৈ দুজন ন্যায়াধীশ থাকিব ।

আনহাতে, ভিডিঅ' কনফাৰেন্সিঙত যোগদান কৰাত অসুবিধাৰ সন্মুখীন হ'ব পৰা আইনজীৱীসকলক সুবিধা প্ৰদান কৰাৰ বাবে 12 টা অতিৰিক্ত কোঠাৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ প্ৰতিবাদ মিথ্যাচাৰৰ বাহিৰে একো নহয় : অশোক শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.