ETV Bharat / bharat

কৰ'ণা ভাইৰাছৰ বাবে কেন্দ্ৰৰ বিশেষ পেকেজ ঘোষণা

author img

By

Published : Mar 24, 2020, 1:28 AM IST

Updated : Mar 24, 2020, 4:27 AM IST

প্ৰতিজন হিতাধিকাৰীক পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী প্ৰদান কৰা আৰু ৰাজ্য চৰকাৰক আৰ্থিকভাৱে সহায় কৰাৰ বাবে ব্যয় বিভাগে ভাৰতীয় খাদ্য নিগমৰ পৰা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বাবে খাদ্য সামগ্ৰী সংগ্ৰহ কৰা প্ৰস্তাৱটোত সমৰ্থন জনায় বুলি নিজ টুইটাৰযোগে জনায় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷

কেন্দ্ৰৰ বিশেষ পেকেজ ঘোষণা
কেন্দ্ৰৰ বিশেষ পেকেজ ঘোষণা

নিউজ ডেস্ক, 23 মাৰ্চঃ দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে কেন্দীয় চৰকাৰে ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক আগন্তুক তিনি মাহৰ বাবে ভাৰতীয় খাদ্য নিগমৰ পৰা খাদ্য সামগ্ৰী সংগ্ৰহ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ সাৰ্বজনিক বিতৰণ প্ৰণালীৰ অধীনস্থ হিতাধিকাৰীৰ সংখ্যা প্ৰায় 75 কোটি ৷

প্ৰতিজন হিতাধিকাৰীক পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী প্ৰদান কৰা আৰু ৰাজ্য চৰকাৰক আৰ্থিকভাৱে সহায় কৰাৰ বাবে ব্যয় বিভাগে ভাৰতীয় খাদ্য নিগমৰ পৰা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বাবে খাদ্য সামগ্ৰী সংগ্ৰহ কৰা প্ৰস্তাৱটোত সমৰ্থন জনায় বুলি নিজ টুইটাৰযোগে জনায় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷

চৰকাৰী তথ্য অনুসৰি, বৰ্তমান চৰকাৰ ভঁৰালত অতিৰিক্ত 435 লাখ টন খাদ্য সামগ্ৰী মজুত আছে, ইয়াৰে 272.19 লাখ টন চাউল আৰু 162.79 লাখ টন গম ৷ বৰ্তমান চৰকাৰে দেশৰ 5,00,000 ৰ অধিক খাদ্য সামগ্ৰীৰ দোকানৰ দ্বাৰা সাৰ্বজনিক বিতৰণ প্ৰণালীৰ জৰিয়তে প্ৰত্যেক হিতাধিকাৰীক প্ৰতি মাহে 5 কিলোগ্ৰাম ৰাজসাহাৰ্যযুক্ত খাদ্য সামগ্ৰী প্ৰদান কৰে ৷ ফলত বছৰি চৰকাৰী ৰাজকোষৰ প্ৰায় 1.4 লাখ কোটি খৰচ হয় ৷

লগতে পঢ়কঃ উত্তৰ পূৱৰ লোকক উৎপীড়ন চলোৱা লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা

Last Updated : Mar 24, 2020, 4:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.