ETV Bharat / bharat

শ্ৰীনগৰৰ মেয়ৰৰ লগতে অন্যান্যসকলক পৃথকে থাকিবলৈ নিৰ্দেশ - উপ-মেয়ৰ পাৰভিজ কাদৰী

শ্ৰীনগৰ পৌৰ নিগমৰ শীৰ্ষ বিষয়াসকলক সম্পূৰ্ণৰূপে পৃথকে থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে স্বাস্থ্য বিভাগে । কিয়নো ইয়াত কৰ্মৰত এগৰাকী কৰ্পৰেটৰৰ ভাতৃৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পিচতে এইদৰে পৌৰপতিৰ লগেত অন্যান্যসকলক নিজ নিজ গৃহত আছুতীয়াকৈ থাকিবলৈ কোৱা হয় ।

শ্ৰীনগৰৰ মেয়ৰৰ লগতে অন্যান্যসকলক পৃথকে থাকিবলৈ নিৰ্দেশ

author img

By

Published : May 5, 2020, 2:15 PM IST

নিউজ ডেস্ক, ৫ মে' : শ্ৰীনগৰ পৌৰ নিগমত কৰ্মৰত এগৰাকী কৰ্পৰেটৰৰ ভাতৃৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছে । আনহাতে কোভিড-১৯ৰ কৱলত পৰা ব্যক্তিগৰাকীৰ খবৰ লাভ কৰাৰ পিচতেই স্থানীয় স্বাস্থ্য বিভাগে শ্ৰীনগৰ পৌৰ নিগমত কৰ্মৰত সকলো শীৰ্ষ শ্ৰেণীৰ বিষয়া তথা কৰ্মচাৰীকে আছুতীয়াকৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । নিজ নিজ গৃহত এইসকল লোকক ১৪ দিনৰ বাবে পৃথকে থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে স্বাস্থ্য বিভাগে ।

আছুতীয়াকৈ থাকিবলৈ দিয়া লোকসকলৰ ভিতৰত মেয়ৰ জুনেইড আজিম মাট্টু, উপ-মেয়ৰ পাৰভিজ কাদৰী আৰু কমিছনাৰ গাজানফৰ আলীৰ লগতে আন ২২ গৰাকী কৰ্পৰেটৰ আৰু বিষয়াক আছুতীয়াকৈ থাকিবলৈ নিৰ্দেশনা দিয়া হৈছে । কোভিড-১৯ত আক্ৰান্ত হোৱা কৰ্পৰেটৰ গৰাকীৰ ভাতৃৰ প্ৰতিবেদন আহি নোপোৱালৈকে তেওঁলোকক এইদৰে আছুতীয়াকৈ থাকিবলৈ কোৱা হৈছে । ইয়াৰ লগতে এটা ফটোগ্ৰাফাৰৰ দলকো আছুতীয়াকৈ থাকিবলৈ কোৱা হৈছে ।

দৰাচলতে এইসকল লোকে কিছুদিন পূৰ্বে এটা কোভিড-১৯ আক্ৰান্ত অঞ্চলত সমীক্ষা চলাবলৈ গৈছিল আৰু তাৰ পিচতেই কৰ্পৰেটৰ গৰাকীৰ ভাতৃ কোভিড-১৯ত আক্ৰান্ত হৈছিল ।

লগতে পঢ়কঃ ঘোষিত হ'ল ১০৪ সংখ্যক পুলিটজাৰ বঁটা, বঁটাপ্ৰাপকৰ তালিকাত তিনি ভাৰতীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.