ETV Bharat / bharat

এম জি এনৰেগা শ্ৰমিকলৈ 21 দিনৰ আগতীয়া বেতন প্ৰদানৰ আহ্বান ছোনিয়া গান্ধীৰ

MGNREGA শ্ৰমিকক 21 দিনৰ বেতন প্ৰদান কৰাৰ আহ্বান ছোনিয়া গান্ধীৰ ৷ প্ৰধানমন্ত্ৰী মোডীলৈ এক পত্ৰৰ জৰিয়তে এই আহ্বান গান্ধীৰ ৷

কংগ্ৰেছৰ অন্তৰ্ৱতীকালিন সভানেত্ৰী
ছোনিয়া গান্ধী
author img

By

Published : Apr 1, 2020, 7:10 PM IST

নেশ্যনেল ডেস্ক, 1 এপ্ৰিল : কংগ্ৰেছৰ অন্তৰ্ৱতীকালিন সভানেত্ৰী ছোনিয়া গান্ধীয়ে বুধবাৰে MGNREGA শ্ৰমিকলৈ 21 দিনৰ বেতন আদায় দিয়াৰ আহ্বান জনায় ৷ কৰ'ণা ভাইৰাছৰ ফলত ঘোষণা কৰা লকডাউনে শ্ৰমিকসকলক সংকটৰ মাজলৈ ঠেলি দিয়া বাবে ছোনিয়া গান্ধীয়ে এই মন্তব্য কৰে ৷

প্ৰধানমন্ত্ৰী মোডীলৈ প্ৰেৰণ কৰা এক পত্ৰত তেওঁ লিখে যে, গ্ৰাম্য অঞ্চলৰ বহুসংখ্যক লোক কৰ্মৰ অভাৱত ভোগাৰ লগতে প্ৰায় 8 কোটি MGNREGA শ্ৰমিকে শ্ৰমৰ বিকল্প উৎস বিচাৰি পোৱা নাই ৷ সেয়েহে তেওঁলোকক এই সংকটৰ পৰা উদ্ধাৰৰ বাবে আগতীয়াকৈ বেতন প্ৰদান কৰিব লাগে ৷

গান্ধীয়ে কয়, "গ্ৰাম্যাঞ্চলৰ দুখীয়া লোকসকলে যিহেতু শ্ৰমৰ অভাৱত বেতন লাভ কৰিব পৰা নাই সেয়েহে আগতীয়াকৈ 21 দিনৰ বাবে চৰকাৰে বেতন দিয়া উচিত ৷"

"মই আপোনালোকক অতি সোনকালে ব্যৱস্থা গ্ৰহণৰ আবেদন জনোৱাৰ লগতে দেশৰ আঠ কোটি গ্ৰাম্যাঞ্চলৰ শ্ৰমিকক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনালো ৷"

MGNREGA আঁচনিৰ মুকলিৰ পৰাই দুখীয়া শ্ৰেণীৰ লোকৰ বাবে ই অৰ্থনৈতিক সহযোগিতা আগবঢ়াই আহিছে বুলি মন্তব্য কৰে গান্ধীয়ে ৷

আৰু পঢ়ক : কোভিড-19ৰ বিৰুদ্ধে যুঁজিবলৈ ৰামজী ৰাওৱে আগবঢ়ালে 20 কোটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.