ETV Bharat / bharat

চেন্নাইত শুল্ক বিভাগৰ দ্বাৰা 6 লাখ টকা মূল্যৰ সোণ জব্দ

author img

By

Published : Oct 22, 2020, 10:39 PM IST

চেন্নাইত শুল্ক বিভাগে জব্দ কৰিলে 6 লাখ মূল্যৰ সোণ ৷ চেন্নাই আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত ডুবাইৰ পৰা অহা এগৰাকী যাত্ৰীৰ পৰা শুল্ক বিভাগৰ বিষয়াই সোণখিনি জব্দ কৰে ৷

চেন্নাইত 6 লাখ মূল্যৰ সোণ জব্দ
চেন্নাইত 6 লাখ মূল্যৰ সোণ জব্দ

নেশ্যনেল ডেস্ক, 22 অক্টোবৰ: চেন্নাইৰ শুল্ক বিভাগে বৃহস্পতিবাৰে এই কথা সদৰী কৰিছে যে, বিভাগটোৱে ডুবাইৰ পৰা অহা এগৰাকী যাত্ৰীৰ পৰা প্ৰায় 6 লাখ মূল্যৰ 114 গ্ৰাম সোণ জব্দ কৰিছে ৷ শুল্ক বিভাগৰ আয়ুক্ত গৰাকীয়ে কৰা মন্তব্য অনুসৰি কিদিৰ নেইনা মহম্মদ নামৰ তামিলনাডুৰ এগৰাকী 50 বৰ্ষীয় লোকে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেচ বিমানেৰে ডুবাইৰ পৰা আহি চেন্নাইত উপস্থিত হয় ৷ সোণ কঢ়িয়াই অনা সম্পৰ্কত প্ৰশ্ন কৰাত তেওঁ গুহ্যদ্বাৰত সোণ লৈ অহাৰ কথা স্বীকাৰ কৰে ৷ ইয়াৰ পাছতে শুল্ক বিভাগৰ বিষয়া সকলে 94 গ্ৰাম আৰু 20 গ্ৰাম ওজনৰ প্ৰায় 6 লাখ মূল্যৰ দুটুকুৰা সোণ উদ্ধাৰ কৰে ৷

লগতে পঢ়ক: তদন্তকাৰী বিষয়াক ঘোচ দিবলৈ গৈ আটক কনিষ্ঠ অভিযন্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.