ETV Bharat / bharat

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

author img

By

Published : Dec 9, 2020, 7:42 PM IST

বিৰোধীয়ে ন্যূনতম সমৰ্থন মূল্যক লৈ আটাইতকৈ বেছি ভুল ধাৰণা প্ৰচাৰ কৰিছিল যদিও তেওঁলোক এইক্ষেত্ৰত বিফল হৈছে ৷ এই অভিযোগ কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প মন্ত্ৰী স্মৃতি ইৰাণীৰ ৷ ন্যূনতম সমৰ্থন মূল্যৰ জৰিয়তে বিক্ৰী হোৱা 336 লাখ মেট্ৰিক টন ধান ভাৰত চৰকাৰে ক্ৰয় কৰিছে যাৰ ফলত পঞ্জাৱৰ 60 শতাংশ কৃষক লাভান্বিত হোৱা বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷

nat-hn-smriti irani interview-08-12-2020-anamika
কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাতকাৰ

নেশ্যনেল ডেস্ক,9 ডিচেম্বৰ : সংশোধিত কৃষি বিধেয়ক 2020ৰ বিৰধিতাৰে দিল্লীৰ সিংঘু সীমান্ত আৰু হাৰিয়ানাৰ টিকৰী সীমান্তত দেশৰ কৃষক সকলে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ এই প্ৰতিবাদৰ অংশ হিচাপে মঙলবাৰে ভাৰত বন্ধৰ আহ্বান জনায় কেইবাটাও কৃষক সংগঠনে ৷ এই ভাৰত বন্ধক বিফল আখ্যা দিয়ে কেন্দ্ৰীয় চৰকাৰে ৷ এই সন্দৰ্ভত মন্তব্য কৰি কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী স্মৃতি ইৰাণীয়ে কয়, আজি বিৰোধীৰ পৰিকল্পনা হাৰিছে আৰু ভাৰতৰ জয় হৈছে ৷ তেখেতে আৰু কয়, ভাৰত চৰকাৰে কৃষক নেতাসকল আৰু কৃষি সংগঠনসমূহৰ আগত নিজৰ স্থিতি স্পষ্ট কৰি দিছে ৷ চেপ্তেম্বৰৰ পৰা 5 ডিচেম্বৰলৈকে 33 লাখ কৃষকে ভাৰত চৰকাৰক নিজৰ ধান বিক্ৰী কৰে ৷

বিৰোধীয়ে ন্যূনতম সমৰ্থন মূল্যক লৈ আটাইতকৈ বেছি ভুল ধাৰণা প্ৰচাৰ কৰিছিল যদিও তেওঁলোক এইক্ষেত্ৰত বিফল হৈছে বুলি মন্তব্য কৰে স্মৃতি ইৰাণীয়ে ৷ ন্যূনতম সমৰ্থন মূল্যৰ জৰিয়তে বিক্ৰী হোৱা 336 লাখ মেট্ৰিক টন ধান ভাৰত চৰকাৰে ক্ৰয় কৰিছে যাৰ ফলত পঞ্জাৱৰ 60 শতাংশ কৃষক লাভান্বিত হোৱা বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

প্ৰায় 60 হাজাৰ কোটি টকা সমগ্ৰ দেশৰে কৃষক সকলক প্ৰদান কৰা হৈছে ৷ পঞ্জাৱৰ কংগ্ৰেছ চৰকাৰ তাত হোৱা বজাৰ ব্যৱস্থাৰ সাক্ষী বুলি কয় স্মৃতি ইৰাণীয়ে ৷ তেখেতে আৰু কয় আইনৰ জৰয়তে কৃষক সকলক ৰক্ষণাবেক্ষণ প্ৰদান কৰা হৈছে ৷ এতিয়া কৃষসকলে ন্যায়ৰ বাবে হাবাথুৰি খাবলগীয়া নহয় ৷ আনহাতে, ৰাহুল গান্ধী আৰু শৰদ পাৱাৰৰ টুইট সন্দৰ্ভত মন্তব্য কৰি স্মৃতি ইৰাণীয়ে কয়, 2019ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে নিজৰ ঘোষণা পত্ৰত APMC আইনখন ভংগ কৰাৰ কথা কৈছিল ৷ কিন্তু মোদী চৰকাৰে এই আইনখনক স্পৰ্শ কৰা নাই ৷ গতিকে ৰাহুল গান্ধীক গুৰুত্ব সহকাৰে লোৱা প্ৰয়োজন নাই বলি মন্তব্য কৰে কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক-ক'ভিড-19 ৰ প্ৰতিষেধকৰ বুজ ল'বলৈ হায়দৰাবাদত 64 দেশৰ দূত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.