নিউজ ডেস্ক, 23 অক্টোবৰ: উত্তৰ প্ৰদেশৰ মোজাফপুৰ জিলাৰ টাৱালি গাঁৱত আৰক্ষীয়ে চৱোলা বন্যপ্ৰাণী চোৰ বিৰোধী এক অভিযানত আটক হয় 6 টাকৈ বন্যপ্ৰাণী চোৰ ৷ অভিযান কালত দুধৰ্ষ চোৰৰ দলটোৰ লগত প্ৰচণ্ড গুলীয়াগুলিও হয় আৰক্ষীৰ ৷ উক্ত সংঘৰ্ষত আহত হয় ৰাজনিশ কুমাৰ নামৰ এজন আৰক্ষী কনিষ্টবলো ৷ এই কথা প্ৰকাশ কৰিছে ষ্টেচন হাউচ অফিচাৰ সঞ্জীৱ কুমাৰে ৷ বন্যপ্ৰাণী চোৰj দলটোৰ গুলীত গুৰুতৰভাৱে আহত হোৱা কনিষ্টবল গৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷
উল্লেখ্য যে, আৰক্ষীৰ গুলীত আহত হৈছে সঞ্জীৱ আৰু ভলু নামৰ বন্যপ্ৰাণীৰ দুই চোৰাং চিকাৰী ৷ আটক হোৱা চোৰ কেইটা হাৰিয়ানাৰ বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ধৃত চোৰকেইটাৰ পৰা অবৈধ মাৰানাস্ত্ৰৰ লগতে এখন গাড়ীও জব্দ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি দীৰ্ঘদিনৰে পৰা বহু অপৰাধজনিত ঘটনাৰ লগত জড়িত হৈ আছিল চোৰ কেইটা ৷