নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ ঝাৰখণ্ডৰ এগৰাকী ৫ বছৰীয়া আৰু এগৰাকী ৮ বছৰীয়া শিশুৰ কৰ্মই দাঙি ধৰিছে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন । আছুতীয়াকৈ সাঁচি ৰখা টকা কৰ'ণা ভাইৰাছৰ সাহায্য পুঁজিলৈ আগবঢ়ালে শিশু দুগৰাকীয়ে ।

শুকুৰবাৰে ঝাৰখণ্ডৰ গুমলাৰ উপায়ুক্ত শশী ৰঞ্জনৰ কাৰ্যালয়ত উপস্থিত হৈ নিজৰ সাঁচতীয়া ধনৰ পৰা ২,৪৪০ টকা সাহায্য আগবঢ়াই শংকৰ মিশ্ৰৰ নামৰ লোকজনৰ দু' কন্যা সন্তান শ্ৰেয়াশ্ৰী মিশ্ৰা(৫) আৰু প্ৰিয়াংশ্ৰী মিশ্ৰাই(৮) ।
আনহাতে,এই দুগৰাকী মানৱ দৰদী শিশু সন্দৰ্ভত উপায়ুক্ত শশী ৰঞ্জনে কয় যে, "মই গৰ্ব কৰো এই দুগৰাকী শিশুৰ ওপৰত । এইটো এটা অনুকৰণীয় তথা নিশ্চয়কৈ প্ৰসংশনীয় পদক্ষেপ ।"
তাৰোপৰি শিশু দুগৰাকীৰ পিতৃ শংকৰ মিশ্ৰই কয় যে, "দূৰদৰ্শনত প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ সংকটকালত সাহায্য আগবঢ়াবলৈ কৰা আহ্বানৰ প্ৰত্যক্ষ কৰিয়ে দুয়োগৰাকী শিশুয়ে তেওঁলোকক ককা-আইতাকে মৰমত দিয়া সাঁচি ৰখা টকাখিনি দিবলৈ প্ৰস্তুত হয় ।"