নিউজ ডেস্ক, ২২ জুনঃ দীৰ্ঘদিন ধৰি হতাশাত ভুগা মাতৃসকলৰ বাবেই তেখেতসকৰ শিশুৰ ব্য়ৱহাৰৰ আৰু বিকাশত সম্পূৰ্ণ প্ৰভাৱ পৰে বুলি এক গৱেশণাত প্ৰকাশ পাইছে বুলি সদৰি কৰে কুইনছলেণ্ড ইউনিভাৰ্ছিটিয়ে । অধ্যয়নৰ জৰিয়তে ৮৯২ গৰাকী মাতৃয়ে হতাশাত ভুগা বাবেই তেখেতসকৰ ৯৭৮ গৰাকী শিশুৰ বিকাশ তথা ব্যৱহাৰত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে বুলি জানিবলৈ দিয়ে কুইনছলেণ্ড ইউনিভাৰ্ছিটিয়ে ।
কুইনছলেণ্ড ইউনিভাৰ্ছিটিৰ বিষববীয়াই চলোৱা এক গৱেষণা পেইডিয়ট্ৰিক এণ্ড পেৰিনিটাল এপিডেমিওলজিৰ জাৰ্নালত প্ৰকাশৰ পাচতে সদৰি হয় এই কথা । গৰ্ভঅৱস্থাৰ পূৰ্বে আৰু তাৰ পাচত মাতৃয়ে ভুগা হতাশাৰ তুলনা কৰা হৈছিল বুলি জানিবলৈ দিয়ে গৱেষণাত ।