নিউজ ডেস্ক, 7 মে': শ্ৰমিকৰ মাজত অনাকাংক্ষিত এক ঘটনা সংঘটিত হ'ল বুধবাৰে । বিহাৰলৈ শ্ৰমিক কঢ়িয়াই নিয়া বিশেষ ৰে'ল এখন মধ্যপ্ৰদেশৰ ছান্তা ৰে'লৱে ষ্টেচন উপস্থিত হোৱাৰ পাচত খোৱা খাদ্য বিতৰণক লৈ মাৰ পিটৰ ঘটনা ঘটে । দিনৰ প্ৰায় 1.30 মান বজাত এই ঘটনা সংঘটিত হয় ।
ষ্টেচনটোৰ নিৰীক্ষণত থকা RPF জোৱান মন সিঙে কয় যে, এই ঘটনাত খাদ্যৰ পেকেট বিতৰণক কেন্দ্ৰ কৰি ইজন যাত্ৰীয়ে আনজনক প্ৰহাৰ কৰা দেখা গৈছিল । অৱশ্যে এই বিষয়ে কোনেও অভিযোগ দাখিল কৰা নাই । এই ঘটনাৰ ভিডিঅ' এটা ভাইৰেল হোৱা পাচত এই বিষয়ে জানিব পৰা গৈছে ।
তেওঁলোকে মাস্ক পৰিধান কৰা নাছিল । প্ৰত্যক্ষদৰ্শীয়ে কয় যে, ৰেলখন ষ্টেচন এৰাৰ 10 মিনিটমান পূৰ্বৰ পৰা এই মাৰপিটৰ ঘটনা ঘটে আৰু কেইগৰাকীমান যাত্ৰী আহত হয় । ৰেলখনত 1200 শ্ৰমিক কঢ়িয়াই নিয়া হৈছিল । মহাৰাষ্ট্ৰত লক ডাউনৰ ফলত আবদ্ধ হৈ থকা শ্ৰমিক সকলক মুম্বাইৰ পৰা ৰেলখনেৰে অনা হৈছিল ।