ETV Bharat / bharat

স্ক্ৰাৱ টাইফাছ কি আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? - স্ক্ৰাৱ টাইফাছ ৰোগ বাতৰি

ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ(Centers for Disease Control and Prevention)ই উল্লেখ কৰা অনুসৰি, Scrub Typhus(স্ক্ৰাৱ টাইফাছ) অথবা bush typhus(বুছ টাইফাছ) হ’ল Orientia tsutsugamushi(ওৰেনছিয়া ছুটছুগামুছী) নামৰ এক বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হোৱা ৰোগ ৷ আক্ৰান্ত চিগাৰ (larval mites)এ কামোৰাৰ ফলত সংক্ৰমিত হয় এই ৰোগ ৷ দক্ষিণ-পূৱ এচিয়া, ইণ্ডোনেছিয়া, চীন, জাপান, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ উত্তৰাঞ্চলৰ গ্ৰামাঞ্চল সমূহত বিশেষকৈ এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা যায় ৷ এই অ়্ঞ্চল সমূহত বসবাস কৰা যিকোনো লোক বা ভ্ৰমণসূত্ৰে যোৱা লোকসমূহৰ দেহত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱাৰ সম্ভাৱনৈ প্ৰৱল ৷

Scrub Typhus: What Is It And How To Prevent?
স্ক্ৰাৱ টাইফাছ (Scrub Typhus) কি আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?
author img

By

Published : Sep 22, 2020, 6:50 PM IST

কৰ’ণা মহামাৰীয়ে এতিয়াও ভাৰতৰ বহু ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰি আছে ৷ কিন্তু ইয়াৰ মাজতে নাগালেণ্ডৰ নোকলাক জিলা প্ৰশাসনে এক নতুন ৰোগৰ তথ্য সদৰি কৰিছে ৷ জিলাখনত জানুৱাৰীৰ পৰা ‘Scrub Typhus’(স্ক্ৰাৱ টাইফাছ) নামৰ এক নতুন ৰোগত প্ৰায় 618 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে 5 গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৷ কিন্তু কি এই নতুন ৰোগ ?

ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ(Centers for Disease Control and Prevention)ই উল্লেখ কৰা অনুসৰি, Scrub Typhus(স্ক্ৰাৱ টাইফাছ) অথবা bush typhus(বুছ টাইফাছ) হ’ল Orientia tsutsugamushi(ওৰিনছিয়া ছুটছুগামুছী) নামৰ এক বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হোৱা ৰোগ ৷ আক্ৰান্ত চিগাৰ (larval mites)এ কামোৰাৰ ফলত সংক্ৰমিত হয় এই ৰোগ ৷ দক্ষিণ-পূৱ এচিয়া, ইণ্ডোনেছিয়া, চীন, জাপান, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ উত্তৰাঞ্চলৰ গ্ৰামাঞ্চলসমূহত বিশেষকৈ এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে ৷ এই অঞ্চলসমূহত বসবাস কৰা যিকোনো লোক বা ভ্ৰমণসূত্ৰে যোৱা লোকসমূহৰ দেহত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱাৰ সম্ভাৱনা প্ৰৱল ৷

ৰোগৰ লক্ষণসমূহঃ

এই ৰোগৰ লক্ষণসমূহ আক্ৰান্ত হোৱাৰ 10 দিনৰ ভিতৰত দেখিবলৈ পোৱা যায় ৷ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ(Centers for Disease Control and Prevention)এ প্ৰাকাশ কৰা অনুসৰি ৰোগবিধৰ কিছু সাধাৰণ লক্ষণ তলত উল্লেখ কৰা হ’লঃ

-জ্বৰ আৰু চৰ্দি

-মুৰৰ বিষ

-গাৰ বিষ আৰু মাংসপেশীৰ বিষ

-চিগাৰ (larval mites)এ কামোৰা অংশত ক’ল পৰি যোৱা

-মানসিক পৰিৱৰ্তন, ৰোগীজন বিভ্ৰান্ত হোৱাৰ পৰা কোমালৈ যোৱাৰ সম্ভাৱনা থাকে

-বৰ্ধিত লিম্ফ নোড্ছ

-খজুৱতি

"কিছু কিছু ক্ষেত্ৰত ৰোগীৰ অংগ বিকল হোৱাৰ উপৰিও ৰক্তক্ষৰণ হোৱাৰো সম্ভাৱনা থাকে ৷"

ৰোগৰ চিনাক্তকৰণঃ

অন্যান্য ৰোগসমূহৰ লক্ষণৰ সৈতে ‘Scrub Typhus’(স্ক্ৰাৱ টাইফাছ) ৰোগৰ সামঞ্জস্য আছে ৷ গতিকে এইক্ষেত্ৰত ইয়াক পৃথকীকৰণ কৰাটো প্ৰায়ে কঠিন ৷ সেয়েহে অতিশীঘ্ৰে এই লক্ষণসমূহ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে অথবা তাৎক্ষণিকভাৱে ৰক্ত পৰীক্ষা কৰাব লাগে ৷

চিকিৎসাঃ

ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ(Centers for Disease Control and Prevention)এ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰদান কৰা উপায়সমূহঃ

- antibiotic doxycycline ব্যৱহাৰ কৰি এই ৰোগৰ চিকিৎসা কৰিব পাৰি ৷ Doxycycline যিকোনো বয়সৰ লোকে ব্যৱহাৰ কৰিব পাৰে ৷

- ৰোগৰ লক্ষণসমূহ দেখুৱাবলৈ আৰম্ভ কৰাৰ লগে লগে এন্টিবায়’টিক প্ৰদান কৰিব লাগে

- প্ৰাৰম্ভিক অৱস্থাতে Doxycyclineৰে চিকিৎসা কৰিলে অতিশীঘ্ৰে আৰোগ্য হোৱাৰ সম্ভাৱনা থাকে ৷

গতিকে এই ৰোগৰ লক্ষণসমূহ দেখা দিয়া মাত্ৰকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

নিৰাময়ৰ উপায়ঃ

যিকোনো ৰোগত আক্ৰান্ত হোৱাৰ পূৰ্বেই ইয়াক নিয়ন্ত্ৰণ কৰাটো উত্তম ৷ যিহেতু এইপৰ্যন্ত এই ৰোগৰ কোনো ভেকচিন উলিয়াবলৈ সক্ষম হোৱা নাই, গতিকে এইক্ষেত্ৰত ৰোগবিধ নিৰাময়ৰ বাবে তলত কিছুমান ব্যৱস্থা উল্লেখ কৰা হ’ল-

1. এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’বপৰা অঞ্চলসমূহত ভ্ৰমণ কৰাটো পাৰপক্ষত বাতিল কৰক ৷

2. যদি আপুনি এই অঞ্চসমূহলৈ ভ্ৰমণ কৰিবলগীয়া হয় তেন্তে চিগাৰ (larval mites) থাকিব পৰা অঞ্চলসমূহ এৰি চলিবলৈ প্ৰয়াস কৰক ৷

3. কীট-পতংগৰ পৰা ৰক্ষা পোৱা যিকোনো ক্ৰীম লগত ৰাখক আৰু নিৰ্দেশনাৱলীত থকা অনুসৰি ব্যৱহাৰ কৰক ৷

ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ(Centers for Disease Control and Prevention)ৰ অন্যান্য পৰামৰ্শসমূহ ক্ৰমেঃ

- পাৰমেথ্ৰিনে জোতা, কাপুৰ আৰু কেম্পিং গিয়াৰত থকা চিগাৰ (larval mites)সমূহক নাশ কৰে ৷

- পাৰমেথ্ৰিন ব্যৱহৃত পোছাকসমূহ বহুবাৰ ধুৱাৰ পিছতো ই চিগাৰ (larval mites)ৰ পৰা সুৰক্ষা প্ৰদান কৰিব পাৰে ৷

- পাৰমেথ্ৰিনৰ সামগ্ৰীসমূহ প্ৰত্যক্ষভাৱে ছালত ব্যৱহাৰ নকৰিব ৷ ইয়াক কেৱল কাপোৰতহে ব্যৱহাৰ কৰা হয় ৷

যিহেতু, এই ৰোগবিধ এতিয়াও ভাৰতৰ বহু অংশত চিনাক্ত হোৱা নাই ৷ গতিকে সংক্ৰমণৰ অশংকা প্ৰৱল হোৱা অঞ্চলসমূহ ভ্ৰমণ কৰাৰ পৰা বিৰত থাকক ৷ ইয়াৰ উপৰিও যিহেতু ইয়াৰ ভেকচিন এতিয়াও উপলব্ধ হোৱা নাই ,সেয়েহে ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ(Centers for Disease Control and Prevention)ই জাৰি কৰা ৰোগ নিৰাময়ৰ লগতে প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰদান কৰা নিৰ্দেশনাসমূহ মানি চলক ৷ লগতে এই ৰোগৰ লক্ষণে দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

লগতে পঢ়কপুথিচিত্ৰৰ শৈলীত বিশ্ব দৰবাৰলৈ গুৰুজনাৰ জীৱনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.